শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Indian Railways: একেৰাহে ৫০০ কিলোমিটাৰ যাত্ৰা কৰে এই ৰ’লখনে…

Indian Railways: একেৰাহে ৫০০ কিলোমিটাৰ যাত্ৰা কৰে এই ৰ’লখনে…

manas-borah
Manas Borah | Updated On: 25 Mar 2025 23:12 PM

আপুনি জানেনে, এখন বিশেষ ৰে’ল আছে, যিখনে কোনো ষ্টেচনত নৰখাকৈ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে । দেশৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ননষ্টপ ৰে’লখন হৈছে মুম্বাই চেণ্ট্ৰেল-হাপালৈ চলা দুৰন্ত এক্সপ্ৰেছ ।

বৰ্তমান সময়ত ভাৰতীয় ৰে’লৱে বিশ্বৰ অন্যতম বৃহৎ ৰে’লৱে নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে । বৰ্তমানৰ ভাৰতৰ ৰে’লৱে ব্যৱস্থা আৰু ১০-২০ বছৰ পূৰ্বৰ ৰে’লৱে ব্যৱস্থাৰ মাজত ডাঙৰ পাৰ্থক্য দেখা যায় । যোৱা কেইবছৰত আধুনিক প্লেটফৰ্মৰ পৰা আৰম্ভ কৰি ৰে’লপথৰ ১০০ শতাংশ বৈদ্যুতিকৰণলৈকে ৰে’লৱেত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে ।

ভাৰতত প্ৰতিদিনে চলাচল কৰে ১৩ হাজাৰৰো অধিক ৰে’ল । কিছুমান ছুপাৰফাষ্ট আৰু কিছুমানে সাধাৰণ গতিৰে যাত্ৰীক সেৱা আগবঢ়ায় । কিন্তু আপুনি জানেনে, এখন বিশেষ ৰে’ল আছে, যিখনে কোনো ষ্টেচনত নৰখাকৈ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে । দেশৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ননষ্টপ ৰে’লখন হৈছে মুম্বাই চেণ্ট্ৰেল-হাপালৈ চলা দুৰন্ত এক্সপ্ৰেছ । মুম্বাইৰ পৰা আহমেদাবাদলৈ যোৱা এই ৰে’ল পথটোত কোনো ধৰণৰ ষ্টপেজ নোহোৱাকৈ ৪৯৩ কিলোমিটাৰ অবিৰত দূৰত্ব অতিক্ৰম কৰে ৰে’লখনে ।