শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
IndusInd Bank: চিন্তাত IndusInd Bank ৰ গ্ৰাহক, মিলা নাই ২১০০ কোটি টকাৰ হিচাপ...

IndusInd Bank: চিন্তাত IndusInd Bank ৰ গ্ৰাহক, মিলা নাই ২১০০ কোটি টকাৰ হিচাপ…

barasha-sarma
Barasha Sarma | Published: 17 Mar 2025 21:45 PM

IndusInd Bank: ডাঙৰ বিত্তীয় খেলিমেলিৰ সন্মুখীন হৈছে ইণ্ডাছইণ্ড বেংক। যাৰ ফলত বেংকৰ গ্ৰাহকসকল এতিয়া চিন্তিত হৈ পৰিছে। জমা ধন হেৰুৱাব বুলি শংকিত হৈছে একাংশ।

ডাঙৰ বিত্তীয় খেলিমেলিৰ সন্মুখীন হৈছে ইণ্ডাছইণ্ড বেংক। যাৰ ফলত বেংকৰ গ্ৰাহকসকল এতিয়া চিন্তিত হৈ পৰিছে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি বেংকটোৰ প্ৰায় ২,১০০ কোটি টকাৰ হিচাপ মিলা নাই। যাৰ বাবে গ্ৰাহকসকলে তেওঁলোকৰ জমা ধন অথলে যাব বুলি চিন্তিত হৈছে। এই সকলোবোৰৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতি প্ৰদান কৰি গ্ৰাহসকলক আশ্বাস প্ৰদান কৰিছে।