শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আইপিএলত বাপুৰ বিপাক, পাঁচখন খেলত লাভ কৰা নাই উইকেট

আইপিএলত বাপুৰ বিপাক, পাঁচখন খেলত লাভ কৰা নাই উইকেট

raj-saikia
Raj Saikia | Published: 16 Apr 2025 18:58 PM

দিল্লীয়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ছিজনৰ প্ৰথমখন মেচ খেলিছিল, য’ত কেপিটেলছৰ অধিনায়ক অক্ষৰে ৩ অভাৰত ১৮ ৰান দিছিল । কোনো উইকেট নাপালে । পৰৱৰ্তী খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৪ অভাৰত ৪৩ ৰান দিয়ে ।

এইবাৰৰ আই পি এলত হাতত বল লৈ এখনো মেচ জিকোৱা দেখা পোৱা নাই অক্ষৰে । দিল্লীয়ে এই ছিজনত ৫খন খেল খেলিছে । তাৰে প্ৰথম ৪ খনত জয়ী হয় । শেষৰখন মেচত পৰাস্ত হয় মুম্বাইৰ হাতত । এই ৪ খন মেচত অক্ষৰে বলিঙত ১৩৭ ৰান ব্যয় কৰিছে । কিন্তু এটাও উইকেট দখল কৰিব পৰা নাই । বেটিঙত তেওঁৰ অৱদান ৫খন মেচত ৪ টা ইনিংছত ৬৭ ৰান! তেওঁ এজন অলৰাউণ্ডাৰ । ফলত বেটিং আৰু বলিং দুয়োটা বিভাগতে তেওঁৰ প্ৰদৰ্শনৰ ওপৰত নজৰ ৰখা হৈছে । অৱশ্যে বলিং কৰি থাকোঁতে সকলোৰে দৃষ্টি তেওঁৰ ওপৰত বেছি । সেই বলিং বিভাগত তেওঁ কি অৱদান আগবঢ়াবলৈ সক্ষম হৈছে ?

দিল্লীয়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ছিজনৰ প্ৰথমখন মেচ খেলিছিল, য’ত কেপিটেলছৰ অধিনায়ক অক্ষৰে ৩ অভাৰত ১৮ ৰান দিছিল । কোনো উইকেট নাপালে । পৰৱৰ্তী খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৪ অভাৰত ৪৩ ৰান দিয়ে । তাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ১ অভাৰত ৫ ৰান, আৰ চি বিৰ বিৰুদ্ধে ৪ অভাৰত ৫২ ৰান, আৰু শেষৰখন মেচত মুম্বাইৰ বিৰুদ্ধে ২ অভাৰত ১৯ ৰান দিয়ে । কিন্তু অক্ষৰে এই ছিজনত এটাও উইকেট ল’ব পৰা নাই ।