২২ গজৰ ববী, ধৰ্মেন্দ্ৰৰ পুত্ৰ আৰু ছানিৰ ভাতৃ তেওঁ
বলীউডৰ ছানি আৰু ববীৰ দৰে ২২ গজৰ ছানি আৰু ববী হৈছে দিগ্বেশ আৰু তেওঁ ককায়েক । দিগেশ্বৰ ককায়েকৰ নাম ছানি আৰু দিগ্বেশ্বৰ ডাকনাম ববী ।
বলীউডৰ দুটি জনপ্ৰিয় নাম ছানি দেউল আৰু ববী দেউল । দেউতাক ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰ । দেউতাকৰ দৰেই চিনেমা জগতত দুই পুত্ৰও জনপ্ৰিয় । ২২ গজৰ মঞ্চতো সংযোগ আছে ছানি-ববীৰ । এফালে অভিনয়, আনফালে ক্ৰিকেট ? ঠিক তেনে নহয় অৱশ্যে । ইয়াত দুজন ক্ৰিকেটাৰৰ বিষয়েহে কোৱা হৈছে । কাকতালীয়ভাৱে তেওঁলোক দুয়োৰে দেউতাকৰ নাম ধৰ্মেন্দ্ৰ । কিন্তু দুৰ্ভাগ্যবশঃ ক্ৰিকেট বাদ দিছে ছানিয়ে । কিন্তু তেওঁৰ ভাতৃ ববীয়ে এতিয়াও ২২ গজত যুঁজি আছে । ববী বুলিলে আপোনাৰ হয়তো খেলি-মেলি লাগিব পাৰে । যদি তেওঁৰ প্ৰকৃত নাম কোৱা হয়, আইপিএল চোৱা সকলে সজেই চিনি পাব । তেওঁ দিগ্বেশ ৰাঠী । ১৮ সংখ্যক আইপিএলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলিছে তেওঁ ।
বলীউডৰ ছানি আৰু ববীৰ দৰে ২২ গজৰ ছানি আৰু ববী হৈছে দিগ্বেশ আৰু তেওঁ ককায়েক । দিগেশ্বৰ ককায়েকৰ নাম ছানি আৰু দিগ্বেশ্বৰ ডাকনাম ববী । দুই পুত্ৰক ক্ৰিকেট খেলাবলৈ খৰচ যোগাৰ কৰিবলৈ সক্ষম নাছিল দেউতাক ধৰ্মেন্দ্ৰ । এসময়ত সেয়ে ববীৰ বাবে ক্ৰিকেট বাদ দিয়ে ছানিয়ে । ভায়েক এতিয়া ক্ৰিকেটত উজলিছে, তাতেই মনৰ শান্তি ছানিৰ ।
ল’ৰালিতে বীৰেন্দ্ৰ সেৱাগৰ দৰে কভাৰ ড্ৰাইভ কোবাই দিগ্বেশ । ছানি-ববী দুই ভাই মিলি সৰুতে একেলগেই অনুশীলন কৰিছিল । আইপিএলৰ মঞ্চত ভাতৃৰ প্ৰদৰ্শন দেখি ল’ৰালিৰ কথা মনত পেলায় ছানিয়ে । তেওঁ কয়, এসময়ত আন বলাৰে দিগ্বেশক বলিং কৰিবলৈ দিয়া নাছিল । সেয়ে ঘণ্টাৰ পাছত ঘণ্টা তেওঁ ভায়েকক বলিং অনুশীলন কৰাইছিল । পাছত সুনীল নাৰিনক দেখি বলিঙৰ প্ৰতি অনুপ্ৰাণিত হয় দিগ্বেশ । চিংগল ষ্টাম্পত ঘণ্টাৰ পাছত ঘণ্টা বলিং কৰে ।
কিদৰে বলিং কৰিব লাগে, ছানিয়ে ভায়েকক শিকাইছিল । সেই সময়ৰ পৰাই দিগ্বেশ্বৰ হাত আঢ়ৈ কিলো নহ’লেও বেটাৰক প্ৰতিৰোধৰ বাবে পাকৈত হৈ পৰে । অভিনেতা ছানি দেউলৰ ভাতৃ ববীয়ে যিদৰে এতিয়া একাধিক ছুপাৰহিট চিনেমাত কাম কৰিছে, তেনেকৈ এসময়ৰ ক্ৰিকেটাৰ আৰু বৰ্তমান পুলিচ কনিষ্টবল সানিৰ ভায়েক ববী এতিয়া ২২ গজত পৰিচিত হৈ পৰিছে । তেওঁৰ স্পিনৰ যাদুত বেটাৰে ঠগ খোৱা দেখা যায় ।