গুজৰাট টাইটানছৰ ফুটবল প্ৰশিক্ষক নেহৰাজী
আই পি এলৰ অন্যতম ফ্ৰেঞ্চাইজী গুজৰাট টাইটানছৰ প্ৰশিক্ষক আশীষ নেহৰা । খেলপথাৰত যেতিয়া দলটো অভিযানত নামে তেতিয়া ব্যাপকভাৱে সক্ৰিয় দেখা যায় নেহৰাক । আন দলৰ প্ৰশিক্ষকতকৈ যেন তেওঁ কিছু সুকীয়া । চাওক এই সন্দৰ্ভত এক প্ৰতিবেদন-
গুজৰাট টাইটানছৰ মাষ্টাৰমাইণ্ড হৈছে আশীষ নেহৰা । নিলামৰ পৰা আৰম্ভ কৰি একচনলৈকে সকলোতে দেখা যায় তেওঁক । খেলুৱৈ নিৰ্বাচনত ভূমিকা পালন কৰে । কৌশল প্ৰস্তুত কৰাৰ পিছতো খেলৰ সময়ত তেওঁক আন এটা ভূমিকাত দেখা যায় । ঠিক যেনেকৈ ফুটবল প্ৰশিক্ষকৰ বিষয়ে কোৱা হৈছিল । পাৰ্থক্য মাথোঁ এইটোৱেই যে তেওঁক কোনো কাৰিকৰী ক্ষেত্ৰত আৱদ্ধ হৈ থাকিব নোৱাৰে ।
যদি অধিনায়কে লং অন ফিল্ডিং কৰি আছে তেন্তে প্ৰয়োজন হ’লে তালৈ গৈ কথা পাতিব পাৰে । যদিহে অধিনায়কে স্কোৱাৰ লেগ বাউণ্ডেৰীত ফিল্ড কৰে, তেন্তে ষ্ট্ৰেটেজিক টাইম আউটত কথা পাতে । খেলৰ সময়ত তেওঁক সকলো সময়তে সক্ৰিয় দেখা যায় । ধৰক ৰাণ খৰচ কৰি আত্মবিশ্বাসৰ অভাৱত ভুগিছে এজন বলাৰে! যদি তেওঁ বাউণ্ডেৰী লাইনত থাকে, তেন্তে নেহৰাজী সেই ঠাইলৈ যায় । তেওঁৰ কান্ধত হাত থৈ কথা পাতে । বন্ধুৰ দৰে । যেন নেহৰাজীক ক্ৰিকেট খেলপথাৰত ফুটবল প্ৰশিক্ষকহে !