সকলো খং-ক্ষোভৰ যেন অৱসান, হাৰ্দিকক দৰ্শকৰ মৰম, বিনিময়ত হাৰ্দিক উৰণীয়া চুমা
হাৰ্দিকৰ বুদ্ধিদীপ্ত অধিনায়কত্ব, বলিঙত সুন্দৰ প্ৰদৰ্শনেৰে কেকেআৰক শোচনীয়ভাৱে পৰাস্ত কৰে মুম্বায়ে । গেলাৰীত দেখা গ'ল উল্লাস । গুঞ্জৰিত হাৰ্দিক হাৰ্দিক ধ্বনি । গেলাৰীৰ দৰ্শকলৈ হাৰ্দিকৰ ফ্লায়িং কিছ্ ।
আইপিএলৰ যোৱাটো ছিজনত বিভিন্ন ষ্টেডিয়ামত বিদ্ৰুপৰ সন্মুখীন হৈছিল হাৰ্দিক পাণ্ডিয়া । আটাইতকৈ কষ্টকৰ আছিল ঘৰুৱা খেল পথাৰ অৰ্থাৎ ৱাংখেড়েতো যেতিয়া গেলাৰীৰ পৰা ভাঁহি আহিছিল বিদ্ৰুপ আৰু নানা কটুক্তি । পাণ্ডিয়াই এনে কি ভুল কৰিছিল? আইপিএলত যোৱা ছিজনৰ পূৰ্বে গুজৰাট টাইটানছে অধিনায়ক হিচাপে ৰিটেইন কৰিছিল হাৰ্দিকক । তালিকা প্ৰকাশৰ পাছত খবৰ ওলাল যে ট্ৰেডিঙত গুজৰাট এৰি মুম্বাইত যোগ দিছে তেওঁ ।
গুজৰাট আৰু মুম্বাইৰ অনুৰাগীৰ চকুত এইটোৱেই হয়তো আছিল ডাঙৰ অপৰাধ । সমস্যা অধিক বৃদ্ধি পায়, যেতিয়া মুম্বাইক পাঁচবাৰকৈ চেম্পিয়ন কৰা ৰোহিতক নমাই হাৰ্দিকক দিয়া হয় অধিনায়কৰ দায়িত্ব । অথচ ৰোহিতক ৰিটেইন কৰা হৈছিল অধিনায়ক হিচাপে । ট্ৰেডিঙত হাৰ্দিক উভতি অহাৰ পাচতেই পৰিস্থিতি সলনি হয় । ৰোহিতো হয়তো অভিমানী হৈছিল, কিন্তু সেয়া বুজিবলৈ নিদিলে ।
যোৱা বছৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত মুম্বাইত ভাৰতীয় দলৰ বাছ পেৰেড দেখা যায় । ৱাংখেড়ে ষ্টেডিয়ামত মূল অনুষ্ঠান । তাতেই গেলাৰীৰ পৰা হাৰ্দিকক প্ৰেমেৰে উপচাই দিছিল অনুৰাগীয়ে । আইপিএলৰ পূৰ্বে কিন্তু আশংকা সম্পূৰ্ণ শেষ হোৱা নাছিল । কাৰণ, সাফল্য হওক বা ব্যৰ্থতা, কোনো স্থায়ী নহয় । এই ছিজনত দুটা পৰাজয়ৰ পাছত এতিয়া ঘৰুৱা খেল পথাৰত মেচ, গেলাৰীৰ আচৰণ কেনে হ’ব? এয়াই আছিল প্ৰশ্ন ।
হাৰ্দিকৰ বুদ্ধিদীপ্ত অধিনায়কত্ব, বলিঙত সুন্দৰ প্ৰদৰ্শনেৰে কেকেআৰক শোচনীয়ভাৱে পৰাস্ত কৰে মুম্বায়ে । গেলাৰীত দেখা গ’ল উল্লাস । গুঞ্জৰিত হাৰ্দিক হাৰ্দিক ধ্বনি । গেলাৰীৰ দৰ্শকলৈ হাৰ্দিকৰ ফ্লায়িং কিছ্ । সৰু সৰু নানা মুহূৰ্তই সলনি কৰিছিল সকলো । হাৰ্দিকক আকোঁৱালি ল’লে মুম্বায়ে । হয়তো এই দৃশ্যসমূহৰ বাবেই বিভিন্ন দৃষ্টিকোণৰ পৰা ক’ব পাৰি, ভুল থাকক বা নাথাকক, প্ৰায়শ্চিত সম্পূৰ্ণ হ’ল হাৰ্দিকৰ ।