শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ওৱাইড বল মেচ জয়ৰ কৌশল হ'ব পাৰেনে?

ওৱাইড বল মেচ জয়ৰ কৌশল হ’ব পাৰেনে?

raj-saikia
Raj Saikia | Published: 10 Apr 2025 19:13 PM

টি-২০ হৈছে দ্ৰুতগতিত চলি থকা ক্ৰিকেট । যদি কোনো দল এটা ছন্দত থাকে, তেন্তে তেওঁলোকৰ একাগ্ৰতা বিঘ্নিত কৰিবলৈ বিভিন্ন উপায় আছে । ওৱাইড ডেলিভাৰীও তেনে এক কৌশল হ'ব পাৰে ।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে এক অভাৰত ১১ টা বল কৰে শ্বাৰদুল ঠাকুৰে । প্ৰথম দৃষ্টিত আপুনি ভাবিব পাৰে যে কোনোবাই ইচ্ছাকৃতভাৱে ৱাইড বল কিয় বল কৰিব? যদি আমি ইয়াৰ বিষয়ে আন এটা দৃষ্টিকোণৰ পৰা চিন্তা কৰিব পাৰো তেন্তে? টি-২০ হৈছে দ্ৰুতগতিত চলি থকা ক্ৰিকেট । যদি কোনো দল এটা ছন্দত থাকে, তেন্তে তেওঁলোকৰ একাগ্ৰতা বিঘ্নিত কৰিবলৈ বিভিন্ন উপায় আছে । এনেধৰণৰ বহু ঘটনা ঘটিছে, হয়তো বৰ সাধাৰণ যেন লাগে, কিন্তু সেইটো দলৰ কৌশল হ’ব পাৰে!

আই পি এলত সুকীয়া কৌশলগত টাইম আউট থাকে । সেই ডেৰ-দুই মিনিটৰ ভিতৰতো কৌশল তৈয়াৰ কৰিব পাৰি । হয়তো একেৰাহে কৰা ৱাইডবোৰে শ্বাৰ্দুলৰ একাগ্ৰতাত ব্যাঘাত জন্মাইছে । পৰৱৰ্তী মেচত ভালদৰে লক্ষ্য কৰিলে সম্ভৱতঃ সেয়া বুজা যাব! কোনে জানে, হয়তো ইতিমধ্যে বিপক্ষ দলবোৰে এই বিষয়টো বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে!