শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
IPL 2025: বৰ্ষাপাৰাত আৰু এখন আই পি এল মেচৰ উন্মাদনাত ডুব যাব ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী

IPL 2025: বৰ্ষাপাৰাত আৰু এখন আই পি এল মেচৰ উন্মাদনাত ডুব যাব ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী

monjit-dutta
Monjit Dutta | Published: 21 Mar 2025 22:31 PM

আই পি এলৰ পূৰ্ব ঘোষিত সূচী অনুসৰি এইবাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দুখন মেচ অনুষ্ঠিত হ’ব। অহা ২৬ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে আৰু ৩০ মাৰ্চত চেন্নাই চুপাৰ কিংছৰ বিপক্ষে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত দুখন মেচ খেলিব। এতিয়া বৰ্ষাপাৰাই এই ছিজনৰ আন এখন মেচো আয়োজন কৰাৰ সুযোগ লাভ কৰিব।

আৰু মাত্ৰ কেইটামান ক্ষণ, আৰম্ভ হ’ব বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। ইতিপূৰ্বেই ঘোষিত প্ৰতিযোগিতাৰ সূচী অনুসৰি, এইবাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দুখন মেচ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ফ্ৰেন্সাইজি ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাক দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। সেয়ে দলটোৱে দুখন লীগ মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিব। নিৰ্ধাৰিত সূচী অনুসৰি, অহা ২৬ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে আৰু ৩০ মাৰ্চত চেন্নাই চুপাৰ কিংছৰ বিপক্ষে ৰাজস্থানে বৰ্ষাপাৰাত দুখন মেচ খেলিব।

এতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰতিযোগিতাৰ আন এখন মেচো অনুষ্ঠিত হ’ব। অহা ৬ এপ্ৰিলত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মেচ ৰাম নৱমীৰ বাবে স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই মেচখন এতিয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।