শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অলৰাউণ্ডাৰ প্ৰেমিকৰ অলৰাউণ্ডাৰ প্ৰেয়সী, ষ্টাইনাক আপুনি জানেনে?

অলৰাউণ্ডাৰ প্ৰেমিকৰ অলৰাউণ্ডাৰ প্ৰেয়সী, ষ্টাইনাক আপুনি জানেনে?

raj-saikia
Raj Saikia | Published: 28 Apr 2025 20:05 PM

২০২১ চনৰ পৰাই প্ৰেমৰ দোলেৰে বান্ধ খাই আছে মাৰ্কাছ । তেওঁৰ প্ৰেয়সীও অলৰাউণ্ডাৰ । অৱশ্যে ক্ৰিকেটত নহয় । দুয়োকে একেলগে বোলা হয় ষ্টাইনা । মাৰ্কাছৰ প্ৰেয়সীৰ নাম সাৰাহ চাৰনু ।

মাৰ্কাছ ষ্টইনিছৰ ব্যক্তিগত জীৱনক লৈ বিভিন্ন মজাৰ গল্প শুনা যায় । অষ্ট্ৰেলিয়া দলৰ সতীৰ্থ এডাম জাম্পাৰ সৈতে বিভিন্ন আনন্দৰ মুহূৰ্ত দেখা যায় তেওঁৰ । দুয়ো নলে-গলে লগা বন্ধু । বহুতেই দুয়োৰে সম্পৰ্কক অন্য দৃষ্টিৰেও চাইছিল । সেয়া মনে সজা দৃষ্টিভংগী । ২০২১ চনৰ পৰাই প্ৰেমৰ দোলেৰে বান্ধ খাই আছে মাৰ্কাছ ।

কেৱল আন্তৰ্জাতিক ক্ৰিকেটত নহয়, আইপিএলৰ মঞ্চতো অন্যতম সফল অলৰাউণ্ডাৰ ষ্টইনিছ । তেওঁৰ মিডিয়াম পেচ বলি আৰু বিধ্বংসী বেটিং দলৰ বাবে কাৰ্যকৰী প্ৰমাণিত হৈছে বহু সময়ত । তেওঁৰ প্ৰেয়সীও অলৰাউণ্ডাৰ । অৱশ্যে ক্ৰিকেটত নহয় । দুয়োকে একেলগে বোলা হয় ষ্টাইনা । মাৰ্কাছৰ প্ৰেয়সীৰ নাম সাৰাহ চাৰনু ।

আপুনিও হয়তো ভাবিছে সাৰাহ অলৰাউণ্ডাৰ কেনেকৈ । তেওঁ নিজে এগৰাকী মডেল তথা ফেশ্যন ডিজাইনাৰ । লগতে ফেশ্যন আৰু সৌন্দৰ্য চৰ্চাৰ সম্পৰ্কে লেখা-মেলাও কৰে । সেয়ে তেওঁক অলৰাউণ্ডাৰ বুলি কোৱা হৈছে । আন প্ৰেমিক-প্ৰেমিকাৰ দৰে সময় কটাবলৈ সুযোগ নাপালেও কোনো বিশেষ অনুষ্ঠানক দুয়োকে একেলগে দেখা যায় ।

সাৰাৰ প্ৰফাই চালেই এই কথাৰ উমান পোৱা যায় । মাত্ৰ কেইখনমান ছবিতহে দুয়োকে একেলগে দেখা গৈছে । হয়তো ব্যস্ততা দূৰ কৰিবলৈকে ক্ৰিকেটৰ প্ৰতি ধীৰে ধীৰে আকৰ্ষণ কমিছে ষ্টইনিছৰ । টেষ্টত তেওঁ সুযোগ নাপালে । এদিনীয়া ক্ৰিকেটকো জনালে বিদায় । এতিয়া মাত্ৰ টি-২০ তেই ফ’কাচ । ইফালে ব্যক্তিগত জীৱনত টেষ্টতেই যেন ফ’কাচ ৰাখিব বিচাৰিছে মাৰ্কাছে ।

প্ৰতিবেদক- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV-9 বাংলা