বাপুৰ শিবিৰত প্ৰতিপক্ষৰ বাবে প্ৰত্যহ্বানৰ দুৰ্গ হৈ ৰৈছে বিপ্পী
IPL 2025: চলিত আই পি এলত ৪ খন মেচত ৫ টা উইকেট দখল কৰিছে বিপৰাজে । প্ৰতিখন মেচতে ৰান দিয়াৰ ক্ষেত্ৰত ক্ৰমান্বয়ে ‘ৰিজাৰ্ভ’ হৈ পৰিছে তেওঁ । যিটো ক্ৰিকেটৰ যিকোনো ফৰ্মেটত অতি গুৰুত্বপূৰ্ণ । সেইটোৱেই তেওঁৰ গুণ । এইদৰে উইকেট নোলোৱাকৈ দলটোক সহায় কৰিব পাৰি । বিপক্ষৰ ৰান ৰেট কমাই অনাত সিদ্ধহস্ত বিপৰাজ ।
আই পি এলে জন্ম দিছে এজাক ৰত্ন । যিয়ে পোনপটীয়াকৈ স্থান লাভ কৰিছে ৰাষ্ট্ৰীয় দলত । আই পি এল ফ্ৰেঞ্চাইজিৰ স্কাউটিং দলৰ প্ৰশিক্ষকসকলে মনে মনে অব্যাহত ৰাখিছে এই ফ্ৰী এজেণ্টৰ সন্ধান । এই ছিজনত দিল্লী কেপিটেলছে উৎপাদন কৰিছে বিপৰাজ নিগম নামৰ এনে এটা মুকুতা । বিপৰাজে ৪ খন মেচতে প্ৰমাণ কৰিছে যে তেওঁ এজন দীৰ্ঘ দূৰত্বৰ দৌৰৰ ঘোঁৰা । লেগস্পিনাৰগৰাকীয়ে ইমানেই ভাল খেলিছে যে, কিংবদন্তি ক্ৰিকেটাৰ কেভিন পিটাৰচেনেও তেওঁক উপচাই দিছে প্ৰশংসাৰে ।
দিল্লীৰ স্কাউটিং দলক বিশেষ প্ৰশংসা পিটাৰছেনৰ । বিপৰাজৰ মাজত তেওঁ দেখিছে ভাৰতীয় দলৰ এজন নিষ্ঠাবান সদস্য হোৱাৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰম কৰিব পৰা গুণ । দিল্লীৰ দলত বিপ্ৰজৰ ডাক্ নাম হৈ পৰিছে ‘বিপ্পী’ ! তেওঁৱেই ‘বি পি’ বঢ়াইছে বিপক্ষৰ । এক্স হেণ্ডেলৰ এটা পোষ্টত পিটাৰছেনে লিখিছে, ‘‘ভাৰতীয় দলৰ এজন নিষ্ঠাবান সদস্য হোৱাৰ গুণ বিপিৰ আছে । তেওঁ কঠোৰ পৰিশ্ৰমী । মুগ্ধ কৰিব পৰা এজন ল’ৰা । দিল্লীৰ স্কাউটিং দলো প্ৰশংসাৰ পাত্ৰ । তেওঁলোকে ধাৰাবাহিকভাৱে ডাঙৰ কাম কৰি আছে ।’’
২০ বছৰীয়া বিপৰাজে প্ৰথমে উত্তৰ প্ৰদেশ টি-২০ লীগত দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে । বিপৰাজে ১১খন মেচত ২০টা উইকেট দখল কৰিছিল আৰু ইকনমি ৰেট ৭তকৈ অলপ বেছি । উত্তৰ প্ৰদেশ টি-২০ লীগত তেওঁৰ প্ৰদৰ্শনে ২০২৪-২৫ বৰ্ষৰ ঘৰুৱা ছিজনৰ বাবেও স্থান নিশ্চিত কৰায় ৰাজ্যিক দলত । ছৈয়দ মুস্তাক আলী ট্ৰফীতো তেওঁ ৮টা উইকেট দখল কৰিছে আৰু ইয়াত ইকনমি ৭ৰ অলপ বেছি । এই ট্ৰফীত বিপৰাজে অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে ৮ টা বলত ২৭ ৰান সংগ্ৰহ কৰি নিজৰ পাৱাৰ হিটিঙৰ দক্ষতাও প্ৰদৰ্শন কৰে ।
চলিত আই পি এলত ৪ খন মেচত ৫ টা উইকেট দখল কৰিছে বিপৰাজে । প্ৰতিখন মেচতে ৰান দিয়াৰ ক্ষেত্ৰত ক্ৰমান্বয়ে ‘ৰিজাৰ্ভ’ হৈ পৰিছে তেওঁ । যিটো ক্ৰিকেটৰ যিকোনো ফৰ্মেটত অতি গুৰুত্বপূৰ্ণ । সেইটোৱেই তেওঁৰ গুণ । এইদৰে উইকেট নোলোৱাকৈ দলটোক সহায় কৰিব পাৰি । বিপক্ষৰ ৰান ৰেট কমাই অনাত সিদ্ধহস্ত বিপৰাজ ।
যদিও তেওঁ মূলতঃ এজন বলাৰ, তেওঁৰ বেটিং দক্ষতাও অতি আকৰ্ষণীয় । লক্ষ্ণৌৰ বিৰুদ্ধে প্ৰথমখন মেচত ১৫ টা বলত ৩৯ ৰানৰ কেমিঅ’ ইনিংছ খেলি সকলোকে আচৰিত কৰি তুলিছিল বিপৰাজে । তাৰ পিছৰ পৰা আৰু বিশেষ বেটিঙৰ সুযোগ পোৱা নাই । বিপৰাজে ইতিমধ্যে ইংগিত দিছে যে প্ৰয়োজন হ’লে দলটোক বেটিঙতো সহায় কৰিব পাৰে ।