শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দামী হ'লেও আই পি এলত নিস্প্ৰভ এই কেইজন খেলুৱৈ, দাম চাই কৰিব পৰা নাই কাম!

দামী হ’লেও আই পি এলত নিস্প্ৰভ এই কেইজন খেলুৱৈ, দাম চাই কৰিব পৰা নাই কাম!

raj-saikia
Raj Saikia | Published: 22 Apr 2025 22:35 PM

আই পি এল বিস্ময়ৰ মঞ্চ । কিন্তু হাতত বেট বা বল লৈ নিজৰ মান ৰাখিব নোৱাৰিলে, খেলুৱৈৰ দাম যিমানেই নহওক সমালোচনা সহিব লগা হয় । কিয়নো অনুৰাগীৰ চকু তেওঁলোকৰ ওপৰত থাকে ।

ক্ৰিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকে দামী খেলুৱৈৰ ওপৰত । টুৰ্ণামেন্ট আৰম্ভ হোৱাৰ পাছত সেই খেলুৱৈৰ ৰিপোৰ্ট কাৰ্ডত চকু ফুৰায় ক্ৰিকেটপ্ৰেমীয়ে । সেই ৰিপোৰ্ট হতাশাজনক হ’লে, সমালোচনাৰ সন্মুখীন হয় কোটিটকীয়া ক্ৰিকেটাৰ । ১৮ সংখ্যক আইপিএলত ৫ গৰাকী খেলুৱৈৰ বিষয়ে আজি ক’বলৈ লৈছোঁ । যাৰ মূল্য আৰু প্ৰদৰ্শনৰ মাজত দেখা গৈছে আকাশ-পাতাল পাৰ্থক্য ।

প্ৰথমেই ক’বলৈ লৈছোঁ আইপিএল ইতিহাসৰ আটাতকৈ দামী খেলুৱৈ ঋষভ পন্তৰ কথা । জেদ্দাত অনুষ্ঠিত মেগা নিলামত পন্তক ২৭ কোটি টকাত ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । কিন্তু প্ৰাইছ টেগ অনুসৰি এইবাৰ আইপিএলত প্ৰদৰ্শন দেখা নাই পন্তৰ । বৰ্তমানলৈকে এই ছিজনত লক্ষ্ণৌৱে ৮ খন মেচ খেলিছে । ইয়াৰে ৫ খনত জয়ী হোৱাৰ বিপৰীতে ৩ খনত পৰাস্ত হৈছে দলটো । পন্তে এই ছিজনত ৭ টা ইনিংছত ১ টা অৰ্ধশতকসহ ১০৬ ৰাণহে সংগ্ৰহ কৰিছে । তেওঁৰ গড় ১৫.১৪ । ষ্ট্ৰাইক ৰেট চাবলৈ গ’লে সেয়াও ১০০ তলত ।

পন্তৰ পিছত যিজন ক্ৰিকেটাৰৰ প্ৰদৰ্শন আৰু দামৰ পাৰ্থক্য দেখা গৈছে তেওঁ হৈছে কেকেআৰৰ সহঃঅধিনায়ক ভেংকটেশ আয়াৰ । তেওঁৰ মূল্য ২৩.৭৫ কোটি । ভেংকিয়ে ৮খন মেচত ৬ টা ইনিংছত সংগ্ৰহ কৰিছে ১৩৫ ৰান । গড় ২২.৫০ ।

টি-২০ ক্ৰিকেটত বিশ্বৰ অন্যতম প্ৰভাৱশালী বলাৰ ৰশিদ খান । গুজৰাট টাইটানছে ১৮ কোটি টকাত ৰিটেইন কৰে তেওঁক । পূৰ্বতে একাধিক মেচত গুজৰাটক জয়ৰ সোৱাদ দিছিল ৰশিদ খানে । কিন্তু এই ছিজনত ৰশিদৰ সেই ঝলক দেখা নাই অনুৰাগীয়ে । ৮ খন মেচত সংগ্ৰহ ৬ টা উইকেট । আন ছিজনত ৰশিদৰ মাজত যি বাৰুদ দেখা গৈছিল, এইবাৰ যেন সেই বাৰুদ সেমেকি গৈছে ।

পন্ত, ভেংকটেশ, ৰছিদৰ লগত এইগৰাকী ক্ৰিকেটাৰৰ নাম নল’লে আধৰুৱা হ’ব তেওঁ হৈছে অৰেঞ্জ আৰ্মি হায়দৰাবাদৰ অধিনায়ক পেট কামিন্স । কাব্যাৰ দলে তেওঁক ৰিটেইন কৰিছিল ১৮ কোটি টকাত । এই ছিজনত বৰ্তমানলৈকে পেট কামিন্সৰ নেতৃত্বত ৭ খন মেচৰ ২ খনতহে জয়লাভ কৰিছে হায়দৰাবাদে । অষ্ট্ৰেলিয়াৰ বিশ্বজয়ী অধিনায়কগৰাকীয়ে ৭ খন মেচত দখল কৰিছে ৭ টা উইকেট । ইকনমি ৰেট ১০.২১ । ষ্ট্ৰাইক ৰেট ২১.১৪ ।

মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই ছন্দ ঘূৰাই পাইছে । এই ছিজনত মুম্বায়ে ৮ খন খেল খেলিছে । ৰোহিতে ৭ টা ইনিংছত সংগ্ৰহ কৰিছে ১৫৮ ৰাণ । গড় ২৬.৩৩ আৰু ষ্ট্ৰাইকৰেট ১৫৪.৯০ । ৰোহিতক মেগা নিলামত ১৬ কোটি ৩০ লাখ টকাত ৰিটেন কৰে মুম্বায়ে । এই ছিজনত চিএছকেৰ বিৰুদ্ধে ৰোহিতে সৰ্বাধিক ৭৬ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বাহিৰে বাকী ৬ টা ইনিংছত মুঠ ৮২ ৰাণ ৰোহিতৰ খাটাত । হিটমেনৰ দৰে ক্ৰিকেটাৰ যি, মুম্বাইক ৫ বাৰকৈ আইপিএল জিকাইছে, তেওঁৰ পৰা এনে প্ৰদৰ্শন কাম্য নহয় অনুৰাগীৰ ।