শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বাবে আশাৰ কিৰণ জীশান

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বাবে আশাৰ কিৰণ জীশান

raj-saikia
Raj Saikia | Published: 09 Apr 2025 17:06 PM

যদিও আই পি এলত হায়দৰাবাদৰ সূৰ্য উদয় এতিয়াও উদয় হোৱা নাই, তথাপিও দিল্লীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বলিং কৰি জীশানে নিশ্চিতভাৱে আপ্লুত কৰিছে ক্ৰিকেট প্ৰেমীক । জীশানে ফাফ ডু প্লেছিছ, ফ্ৰেজাৰ মেকগাৰ্ক আৰু কে এল ৰাহুলৰ দৰে ডাঙৰ বেটছমেনক আউট কৰি সকলোকে আচৰিত কৰি তুলিছিল ।

মাত্ৰ এখন মেচ খেলি আই পি এলত যেন জোৱাৰৰ সৃষ্টি কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলাৰ জীশান আনছাৰীয়ে । এই ছিজনত পইণ্ট টেবুলত বিশেষ প্ৰভাৱ পেলাব পৰা নাই ছানৰাইজাৰ্ছ হায়দৰাবাদে । যদিও আই পি এলত হায়দৰাবাদৰ সূৰ্য উদয় এতিয়াও উদয় হোৱা নাই, তথাপিও দিল্লীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বলিং কৰি জীশানে নিশ্চিতভাৱে আপ্লুত কৰিছে ক্ৰিকেট প্ৰেমীক । জীশানে ফাফ ডু প্লেছিছ, ফ্ৰেজাৰ মেকগাৰ্ক আৰু কে এল ৰাহুলৰ দৰে ডাঙৰ বেটছমেনক আউট কৰি সকলোকে আচৰিত কৰি তুলিছিল । খেলখনত তেওঁ অকলে তিনিটা উইকেট দখল কৰে । অৱশ্যে তাৰ পিছতো দলটো জয়ী নহ’ল ।

বয়স ২৫ বছৰ । ঘৰ উত্তৰ প্ৰদেশত । জীশানৰ দেউতাক এজন দৰ্জী । জীশান নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল’ৰা । সংগ্ৰাম তেওঁৰ চিৰন্তন সংগী । অৱশ্যে ক্ৰিকেটাৰ হোৱাৰ সপোন বাস্তৱত পৰিণত কৰিব পৰাকৈ জীশানে পৰিয়ালৰ পৰা যথেষ্ট সহায় লাভ কৰিছিল । বয়স অনুসৰি দলত স্থান নোপোৱাত দেউতাক কিছু হতাশ হৈ পৰিছিল । জীশানৰ পৰিয়ালটো বৰ ডাঙৰ আছিল আৰু তেওঁ যদি কাম কৰিলেহেঁতেন তেন্তে তেওঁ পৰিয়ালটোক সহায় কৰিব পাৰিলেহেঁতেন । কিন্তু দেউতাকে তেওঁক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল । কোচিং মাচুল, ক্ৰিকেট কিটৰ বাবে ধন খৰচ কৰাটো সহজ নাছিল । কাপোৰ চিলাই কৰিয়েই তেওঁ পুত্ৰৰ সপোন পূৰণ কৰিব বিচাৰিছিল ।