যুৱৰাজ সিঙৰ দৰেই আক্ৰমণাত্মক দেখা গৈছে প্ৰিয়াংশক!
IPL 2025: প্ৰথমখন খেলত গুজৰাটৰ বিৰুদ্ধে খেলপথাৰত নামি ২৩টা বলত ৪৭ ৰানৰ ইনিংছ অৰ্জন কৰে প্ৰিয়াংশে । পঞ্জাৱৰ চতুৰ্থখন মেচত চেন্নাইৰ বিৰুদ্ধে ৩৯ টা বলত শতক । আই পি এলত দ্ৰুততম শতক অৰ্জনৰ ক্ষেত্ৰত আৰ্য্যই চতুৰ্থ স্থান দখল কৰিছে ।
৫০টা বলত ১২০ ৰানৰ এক বিধ্বংসী ইনিংছ । সেই ইনিংছত আছিল এক অভাৰত ছটা ছিক্সাৰ । ১০ টা ইনিংছত গড়ে প্ৰায় ৬০ ৰাণকৈ মুঠ ৬০৮ ৰান সংগ্ৰহ । তেওঁৰ আগ্ৰাসী বেটিঙৰ সন্মুখত বলাৰসকলে হৈ পৰিছিল দিশহাৰা । তেওঁক দেখিলেই মনত পৰে যুৱৰাজ সিঙৰ বিধ্বংসী বেটিং । পঞ্জাৱ কিংছৰ ২৪ বছৰীয়া নতুন অ’পেনাৰ প্ৰিয়াংশ আৰ্য্য । ভাৰতীয় দলত স্থান নোপোৱাকৈ তেওঁ ইতিহাস ৰচনা কৰে । বহুতে তেওঁক ভাৰতীয় ক্ৰিকেটৰ নতুন যুৱৰাজ বুলি ক’বলৈ আৰম্ভ কৰিছে ।
আই পি এলৰ মেগা নিলামত পঞ্জাব কিংছে তেওঁক প্ৰায় চাৰি কোটি টকাত ক্ৰয় কৰিছিল । প্ৰিয়াংশ আৰ্য্যই এই ছিজনত সকলোকে আচৰিত কৰি সেই সিদ্ধান্ত ভুল নাছিল বুলি প্ৰমাণ কৰিছে । প্ৰথমখন খেলত গুজৰাটৰ বিৰুদ্ধে খেলপথাৰত নামি ২৩টা বলত ৪৭ ৰানৰ ইনিংছ অৰ্জন কৰে । পঞ্জাৱৰ চতুৰ্থখন মেচত চেন্নাইৰ বিৰুদ্ধে ৩৯ টা বলত শতক । আই পি এলত দ্ৰুততম শতক অৰ্জনৰ ক্ষেত্ৰত আৰ্য্যই চতুৰ্থ স্থান দখল কৰিছে । তেওঁ যি ধৰণেৰে অভিলেখ ভংগ কৰিছে, ভৱিষ্যত যে উজ্জ্বল তাত কোনো সন্দেহ নাই ।