শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ছাৰাকলৈ চলা গুজৱে আমনি কৰে নেকি গিলক? কোন প্ৰেয়সী ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰৰ?

ছাৰাকলৈ চলা গুজৱে আমনি কৰে নেকি গিলক? কোন প্ৰেয়সী ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰৰ?

raj-saikia
Raj Saikia | Published: 28 Apr 2025 19:54 PM

সঁচাকৈয়ে প্ৰেমৰ জোৱাৰত উটি-ভাঁহি গৈছে নেকি শুভমন । মাজে সময়ে ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰৰ প্ৰেমক লৈ ৰসাল আলোচনা হয় । কেবাগৰাকী যুৱতীৰ নাম চৰ্চা হয় তেওঁৰ সৈতে । এইবাৰ নিজেই শুভমন গিলে জনালে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ।

হাতত বেটলৈ ২২ গজত শ্বটৰ ধুমুহাৰ সৃষ্টি কৰে তেওঁ আৰু ২২ গজৰ বাহিৰত জোৱাৰ-ভাটাৰ সৃষ্টি কৰিছে বহু কেইগৰাকী যুৱতীৰ হৃদয়তো । প্ৰায়েই চৰ্চাত থাকে ভাৰতৰ যুৱ ক্ৰিকেটাৰ শুভমন গিল । কেতিয়াবা তেওঁৰ প্ৰদৰ্শনক লৈ আৰু আন কেতিয়াবা প্ৰেমৰ সম্পৰ্কক লৈ । সঁচাকৈয়ে প্ৰেমৰ জোৱাৰত উটি-ভাঁহি গৈছে নেকি শুভমন । মাজে সময়ে ভাৰতীয় ক্ৰিকেটৰ ৰাজকুমাৰৰ প্ৰেমক লৈ ৰসাল আলোচনা হয় । কেবাগৰাকী যুৱতীৰ নাম চৰ্চা হয় তেওঁৰ সৈতে । এইবাৰ নিজেই শুভমন গিলে জনালে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ।

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুকাৰৰ কন্যা ছাৰা বা বলিউডৰ নবাব শ্বেইফ আলী খানৰ কন্যা ছাৰা আলী খানৰ সৈতে শুভমনৰ নাম মাজে মাজে সাঙোৰ খাই পৰে । একাধিক মেচত শুভমনে যেতিয়া ফিল্ডিং কৰে তেতিয়াই গেলাৰীৰ পৰা ভাঁহি আহে এক বিশেষ শ্ল’গান, “হামাৰা ভাবি ক্যেইসী হৌ, ছাৰা ভাবী জ্যেইসী হৌ…।” লণ্ডনৰ একেই ৰেস্তোঁৰাৰ একে স্থানৰ পৰাই ছাৰা আৰু গিলে নিজৰ সামাজিক মাধ্যমৰ একাউন্টত ছবি পোষ্ট কৰিছিল । তাৰ পাছৰ পৰাই প্ৰেমৰ সম্পৰ্কক লৈ আলোচনা তীব্ৰ হয় । গিলে অৱশ্যে নিজকে চিংগল বুলিয়ে দাবী কৰে ।

শেহতীয়া এক সাক্ষাৎকাৰত শুভমনে কয়, তিনি বছৰৰো অধিক সময় তেওঁ চিংগল হৈ আছে । তাৰপাছতো চৌদিশে প্ৰচুৰ গুজৱ দেখা যায় । গিলৰ মন্তব্যক লৈ জল্পনা-কল্পনা আৰম্ভ হয় । একাধিক যুৱতীৰ সৈতে নাম সাঙোৰ খাইছে । কোনো সময়ত বিৰক্তও হয় গিল । কাৰণ মাজে মাজে এনে কাৰোবাৰ সৈতে তেওঁক সাঙোৰা হয়, যাক হয়তো আজিলৈকে স্বচক্ষে দেখাও নাই গিলে । আপাতত নিজৰ পেছাদাৰী ক্ৰিকেট কেৰিয়াৰত অধিক মনোযোগ দিব খোজে গিলে । তাৰ লগতে শুভমনে কয়, তেওঁৰ জীৱনত এতিয়া আন কাৰোৰে বাবে ঠাই নাই । কাৰণ বছৰৰ ৩০০ দিন তেওঁ কোনো ভ্ৰমণ নকৰে । তেওঁৰ মতে, একোটা সম্পৰ্কত সময় দিয়া উচিত ।

গিল যেতিয়া ২২ গজত নামে, সেই সময়ত গেলাৰীৰ পৰা বিভিন্ন শ্ল’গান ভাঁহি আহে । শুভমনে কয়, যেতিয়া তেওঁ বেটিং কৰিবলৈ যায়, তেতিয়া দৰ্শকৰ সেই চিঞৰে তেওঁক প্ৰভাৱিত নকৰে । স্বয়ংক্ৰিয়ভাৱে অন্য এক মনোভাৱত সোমাই পৰে তেওঁ । নিজৰ কাৰ্যত মনোযোগ ৰাখে । তেতিয়া মনত কেবল এইটোৱেই চলি থাকে যে, কোন বলাৰে বল কৰিছে, কিমান ৰাণ কৰিব লাগিব, কি কৰিব লাগিব, কোন গেপেৰে শ্বট মাৰিব লাগিব আদি । ফলত বেটিঙৰ সময়ত গেলাৰীৰ দৰ্শকৰ চিঞৰ মনলৈ নানে বুলি কয় গিলে । কিন্তু ফিল্ডিঙৰ সময়ত, বিশেষকৈ বাউণ্ডেৰীত ফিল্ডিঙৰ সময়ত তেনে বাক্যবোৰ কাণত সোমাই বুলি কয় গুজৰাট টাইটানছৰ অধিনায়কজনে ।

বৰ্তমান আই পি এলত গুজৰাট টাইটানছক নেতৃত্ব দিছে তেওঁ । ৮ খন মেচত ৩০৫ ৰাণ সংগ্ৰহ কৰিছে গিলে । তিনিটা অৰ্ধশতকো অৰ্জন কৰিছে । আই পি এৰ চলিত ছিজনত ৮ খন মেচৰ ৬ খনত জয়ী আৰু ২ খনত পৰাস্ত গুজৰাট । মুঠ ১২ পইন্ট অৰ্জন । গিলে এইবাৰ গুজৰাটক ট্ৰফী উপহাৰ দিব পাৰিব নে? ক্ৰিকেটপ্ৰেমীৰ নজৰ তেওঁৰ ওপৰত ।

প্ৰতিবেদক- সংঘমিত্ৰা চক্ৰবৰ্তী, ছিনিয়ৰ ছাব এডিটৰ,  TV9-বাংলা