শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
৭৪ খনৰ পৰা ৯৪ খনলৈ বৃদ্ধি পাব আই পি এলত মেচৰ সংখ্যা, কিন্তু কেতিয়া

৭৪ খনৰ পৰা ৯৪ খনলৈ বৃদ্ধি পাব আই পি এলত মেচৰ সংখ্যা, কিন্তু কেতিয়া

raj-saikia
Raj Saikia | Published: 29 Apr 2025 21:36 PM

২০২৮ চনৰ পৰা আইপিএলত প্ৰতিটো দলে ঘৰুৱা আৰু আন খেলপথাৰত দুবাৰকৈ মুখামুখি হ’ব । ইয়াৰ ফলত কোৱালিফায়াৰ, এলিমিনেটৰ আৰু ফাইনেলকে ধৰি মুঠ মেচৰ সংখ্যা ৯৪খনলৈ বৃদ্ধি পাব ।

২০২৮ চনৰ পৰা আৰু অধিক ৰোমাঞ্চকৰ হ’ব আই পি এল! হয়তো আই পি এল আৰু অধিক সময়ৰ বাবে চলি থাকিব । মেচৰ সংখ্যা বৃদ্ধি পাব পাৰে । এই ইংগিত দিছে আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে । অৱশ্যে আই পি এলৰ অধ্যক্ষই এটা কথা স্পষ্ট কৰি দিছে যে যদিও মেচৰ সংখ্যা ৭৪ৰ পৰা ৯৪লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা আছে, কিন্তু বৰ্তমান দলৰ সংখ্যা বৃদ্ধিৰ কোনো পৰিকল্পনা নাই । দল বৃদ্ধি নহ’লেও মেচৰ সংখ্যা বাঢ়িব । এতিয়া আপুনি হয়তো ভাবিছে, দলটো বৃদ্ধি নহ’লে মেচ কেনেকৈ বৃদ্ধি পাব?

সহজ ভাষাত কওঁ । ২০২২ চনত দুটা দল সংযোজন হোৱাৰ পিছত আই পি এলত ৬০ৰ পৰা ৭৪খন খেল অনুষ্ঠিত হয় । কিন্তু এতিয়া খেল খেলাৰ ফৰ্মেট সলনি হ’ব পাৰে । বৰ্তমান ঘৰুৱা-আন খেলপথাৰত ডাবল লীগত ৫টা দলৰ মুখামুখি হৈছে । বাকী পাঁচটা দলৰ সৈতে একক লীগ মেচ আছে । উদাহৰণস্বৰূপে ধৰক কলকাতা নাইট ৰাইডাৰ্ছে এই ছিজনত গুজৰাট টাইটানছৰ বিৰুদ্ধে এখন মেচ খেলিছিল । লীগ পৰ্যায়ত তেওঁলোকৰ বিৰুদ্ধে আৰু কোনো মেচ নাই । অৱশ্যে আৰচিবিৰ বিৰুদ্ধে কেকেআৰৰ ৰিটাৰ্ণ লীগ মেচ আছে । এয়া মাত্ৰ এটা উদাহৰণ ।

কিন্তু ২০২৮ চনৰ পৰা প্ৰতিটো দলে ঘৰুৱা আৰু আন খেলপথাৰত দুবাৰকৈ মুখামুখি হ’ব । ইয়াৰ ফলত কোৱালিফায়াৰ, এলিমিনেটৰ আৰু ফাইনেলকে ধৰি মুঠ মেচৰ সংখ্যা ৯৪খনলৈ বৃদ্ধি পাব । আই পি এলৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে এনে লাগে যেন এই ধাৰণাটো বাস্তৱত পৰিণত হোৱাটো সময়ৰ ওপৰত নিৰ্ভৰশীল ।