সূৰ্যবংশীৰ বৈভৱ, প্ৰথমটো শতকেৰে হৃদয় জিনিলে ক্ৰিকেট বিশ্বৰ
বিধ্বংসী বেটিঙেৰে ৩৫ টা বলত শতক অৰ্জন বৈভৱ সূৰ্যবংশীৰ । আই পি এলৰ ইতিহাসত দ্ৰুততম শতকৰ ৰেকৰ্ড আছিল ক্ৰীছ গেইলৰ । ৩০ টা বলত শতক গঢ়িছিল গেইলে । কিন্তু আইপিএলত দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় হিচাপে পৰিণত হয় বৈভৱ সূৰ্যবংশী ।
সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈকে, চৰ্চা চলিছে এটা নামকলৈ । লাইভ মেচ নহয় যেন পুৰণি মেচৰ হাইলাইট আছিল সেয়া । ২২ গজত বৈভৱৰ বেটিং বিস্ফোৰণে সকলোকে আচৰিত কৰি তুলিছে । শচীন তেণ্ডুকাৰ, মিতালী ৰাজ সকলো বিমুগ্ধ ১৪ বছৰীয়া বৈভৱকৰ বেটিং পৰাক্ৰম দেখি । স্বয়ং ক্ৰিকেটৰ ভগৱানৰ মুখতো বৈভৱৰ প্ৰশংসা ।
আই পি এলৰ মেগা নিলামলৈ মনত পেলাওক, এটি কিশোৰক লৈ নিলামত জোৱাৰ উঠে । বেছ প্ৰাইচ অতিক্ৰমী দৰ বাঢ়ি যায় । লাখৰ ঘৰ এৰি কোটিত প্ৰৱেশ দৰ । অৱশেষত ১ কোটি ১০ লাখ টকাত কিশোৰজনক ৰাজস্থান ৰয়েলছে নিজৰ দললৈ আনে । তেওঁ বৈভৱ সূৰ্যবংশী । এই ছিজনত নহ’লেও ভৱিষ্যতে দলৰ শক্তি হ’ব, প্ৰথমে তেনেকৈয়ে ভবা হৈছিল । অৱশেষত আই পি এল আৰম্ভ হ’ল । ১৮ সংখ্যক আই পি এলত ১৪ বছৰীয়া বৈভৱে খেলাৰ সুযোগ পাবনে? নিশ্চয়তা নাছিল ।
কেইদিনমান পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলপথাৰত নামিছিল ৰাজস্থান ৰয়েলছ । তাৰ পূৰ্বে দিল্লীৰ বিৰুদ্ধে মেচত বেটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় অধিনায়ক সঞ্জু ছেমছন । সেয়ে কপাল ফুলিল বৈভৱ সূৰ্যবংশীৰ । পন্তৰ দলৰ বিৰুদ্ধে ৰাজস্থানে খেলপথাৰত নমালে বৈভৱক । শ্বাৰ্দুল ঠাকুৰৰ প্ৰথম বলতেই ছিক্সাৰ কোবাই সকলোকে আচৰিত কৰে বৈভৱে । সেই ইনিংছত বৈভৱে ৩৬ ৰাণ কৰে । কিন্তু তাতেই জানো সন্তুষ্ট হ’ব পাৰি । তাৰ পাছত বেংগালুৰুৰ সৈতে মেচ । সমুখত ভুৱনেশ্বৰৰ দৰে বিধ্বংসী বলাৰ । কিন্তু তাতো দুৰ্দান্ত প্ৰদৰ্শন ।
সোমবাৰে পিংক চিটিত মেচ । পইন্ট তালিকাত শেষৰ ফালে স্থান দলৰ, ঘৰুৱা খেলপথাৰত মেচ, স্ক’ৰ ব’ৰ্ডত ২১০ ৰাণৰ বিশাল টাৰ্গেট । ৰাজস্থানৰ হৈ অপেনিং কৰিবলৈ আহিল যশস্বী জয়ছোৱাল আৰু ১৪ বছৰীয়া বৈভৱ । খেলপথাৰত যেন ধুমুহাহে আহিল । এটাৰ পাছত আনটো বল পৰিলহি বাউণ্ডেৰীৰ বাহিৰত । মাত্ৰ ১৭ টা বলতে অৰ্ধশতক অৰ্জনল বৈভৱৰ । এই ছিজনৰ দ্ৰুততম অৰ্ধশতক ।
ক্ৰিকেটত প্ৰায় ৩০ বল খেলিব পাৰিলে সৰু বলটোও ফুটবলৰ দৰেই ডাঙৰ দেখি বুলি কোৱা হয় । কিন্তু বৈভৱে যেন প্ৰথম ডেলিভাৰীৰ পৰাই ফুটবলৰ দৰে দেখিছিল । বিধ্বংসী বেটিঙেৰে ৩৫ টা বলত শতক অৰ্জন বৈভৱ সূৰ্যবংশীৰ । আই পি এলৰ ইতিহাসত দ্ৰুততম শতকৰ ৰেকৰ্ড আছিল ক্ৰীছ গেইলৰ । ৩০ টা বলত শতক গঢ়িছিল গেইলে ।
ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত ইউছুফ পাঠানে ৩৭ বলত শতক অৰ্জন কৰিছিল । তেওঁক অতিক্ৰম কৰি আইপিএলত দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে পৰিণত হয় বৈভৱ সূৰ্যবংশী । ছাইমন কাটিচে তেওঁক নাম দিছে বছ বেবী । শচীন তেণ্ডুলকাৰে সামাজিক মাধ্যমত তেওঁক প্ৰশংসাৰে উপচাই দিয়ে । ভাৰত তথা বিশ্ব ক্ৰিকেটৰ অনেক কিংবদন্তিয়ে তেওঁক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইতিহাস ৰচা বৈভৱক লৈ এই চৰ্চা হোৱাৰে কথা ।
-দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা