শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
২৭ কোটিত নিলাম হোৱা ঋষভে লক্ষ্ণৌৰ শিবিৰলৈ আনিব পাৰিব নে ট্ৰফী?

২৭ কোটিত নিলাম হোৱা ঋষভে লক্ষ্ণৌৰ শিবিৰলৈ আনিব পাৰিব নে ট্ৰফী?

raj-saikia
Raj Saikia | Published: 08 Apr 2025 19:19 PM

২০২৫ চনৰ আই পি এলৰ নিলামত ২৭ কোটি টকাত ঋষভক ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হৈ পৰিল পন্ট । দিয়া হ'ল লক্ষ্ণৌৰ অধিনায়কৰ দায়িত্ব । পন্টৰ ওপৰত অনেক আশা আছে অনুৰাগী আৰু দলৰ ।

অনিশ্চয়তাৰ জাল ফালি ২০২৪ চনত আই পি এলৰ দ্বাৰা খেল পথাৰলৈ উভতিল পন্ট । দিল্লী কেপিটেলছৰ অধিনায়কৰ ভূমিকাত দেখা যায় ঋষভ পন্টক । অৱশ্যে অধিনায়কত্ব লেখত ল’বলগীয়া নহ’লেও বেটিঙত উজলি উঠে ঋষভ । ৪০.৫ গড়ত মুঠ ৪৪৬ ৰাণ সংগ্ৰহ ঋষভৰ । কিন্তু তাৰ পাছতো ২০২৫-ৰ নিলামত দিল্লীয়ে তেওঁক ৰিটেইন নকৰিলে । জানিব পৰা মতে, ফ্ৰেঞ্চাইজিৰ অনিহাতকৈও বেছি ঋষভে নিজেই দিল্লী এৰিব বিচাৰিছিল । যেন জানিব খুজিছিল তেওঁৰ বজাৰ দৰ কিমান ।

২০২৫ চনৰ আই পি এলৰ নিলামত ২৭ কোটি টকাত ঋষভক ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হৈ পৰিল পন্ট । দিয়া হ’ল লক্ষ্ণৌৰ অধিনায়কৰ দায়িত্ব । পন্টৰ ওপৰত অনেক আশা আছে অনুৰাগী আৰু দলৰ । আক্ৰমণাত্মক বেটিঙৰ দ্বাৰা বলাৰক দিশহাৰা কৰাৰ ক্ষমতা আছে তেওঁৰ । সেই ৰূপতেই পন্টক চাব খোজে অনুৰাগীয়ে । কিন্তু এই ছিজনত ফৰ্মহীনতাত ভুগিছে ঋষভ । লক্ষ্ণৌৰ হৈ এতিয়ালৈকে তেওঁ ৪ খন মেচ খেলিছে । কিন্তু বৰ্তমানলৈকে ৪ খন মেচত তেওঁৰ মুঠ ৰাণ ১৯ । হায়দৰাবাদৰ বিৰুদ্ধে সৰ্বাধিক ১৫ ৰাণ । আই পি এলত এতিয়ালৈ ২৭ ৰাণো কৰিব পৰা নাই ২৭ কোটি টকীয়া ঋষভে ।