অভিষেকতে ৰছিদৰ চমক, ধোনীয়ে ক’লে এনেকুৱা কৰিব নালাগে…!
তেওঁক তাৰকা বুলি কোৱাৰ সময় এতিয়াও হোৱা নাই । মাত্ৰ এখন মেচ খেলিছেহে । দুবছৰমান বেঞ্চত বহি কটালে । অৱশেষত সুযোগ আহিল । তাকো আকৌ ধোনীৰ অধিনায়কত্বত! আমি শ্বেখ ৰছিদৰ কথা কৈছো ।
প্ৰথমবাৰৰ বাবে আই পি এলৰ মঞ্চত খেলাৰ সুযোগ । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অ’পেন কৰিবলৈ ওলাই আহিল ৰছিদ । সহযোগী ধোনীৰ বিশ্বাসযোগ্য হাত । ১৯টা বলত ২৭ ৰান সংগ্ৰহ । ইয়াত ৰান কম হ’ব পাৰে, কিন্তু সাহস আৰু দৃঢ়তা বহুত বেছি । ২৭ ৰাণৰ ভিতৰত ৬ টা বাউণ্ডেৰী । কোনো ধৰণৰ ফেন্সী শ্বট নেখেলিলে । সেইবাবেই মহেন্দ্ৰ সিং ধোনীয়েও ক’ব পাৰিছিল – তেওঁ সঁচাকৈয়ে বহুত ভাল শ্বট খেলিছে । মাত্ৰ আৰম্ভণিহে, নিখুঁতভাৱে পৰিষ্কাৰ শ্বট এটাৰেও যি শক্তি দেখুৱাব পৰা যায়, সেয়া তেওঁৰ বেটিঙত স্পষ্ট, আশাকৰোঁ তেওঁ আন অ’পেনাৰক দেখাৰ পিছত নিজকে সলনি নকৰিব ।
ক’ব পাৰি যে শ্বেখ ৰছিদৰ প্ৰদৰ্শনে ধোনিৰ মন কিছু পৰিমাণে ভৰাই পেলাইছে । মাহীয়ে যে ৰছিদৰ হাত এৰি নিদিয়ে সেয়াও নিশ্চিত । মাত্ৰ ধোনিৰ সতৰ্কবাণীটো মনত ৰাখিব লাগিব- ৰছিদে আন অ’পেনাৰক চাই নিজকে সলনি কৰিব নালাগে ।