শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
খেলপথাৰত ননমাকৈয়ে দলক মন্ত্ৰণা দিলে ৰোহিত শৰ্মাই

খেলপথাৰত ননমাকৈয়ে দলক মন্ত্ৰণা দিলে ৰোহিত শৰ্মাই

raj-saikia
Raj Saikia | Published: 05 Apr 2025 18:42 PM

লক্ষ্ণৌৰ বিৰুদ্ধে মুম্বাইৰ মেচত দেখা নগ'ল ৰোহিত শৰ্মাক । হিটমেনে নিজেই লৈছিল নে এই সিদ্ধান্ত? মুম্বাইৰ বলিং যেতিয়া প্ৰবল চাপত পৰে । ষ্ট্ৰেটেজিক টাইম আউটত প্ৰশিক্ষকৰ সৈতে খেলপথাৰলৈ আহে ৰোহিত । হাৰ্দিকক পৰামৰ্শ দিয়ে গতি কম কৰি বলিং কৰাৰ বাবে ।

আই পি এলৰ ইতিহাসত অন্যতম সফল কেপ্টেইন ৰোহিত । তেওঁৰ নেতৃত্বত পাঁচবাৰকৈ আইপিএলৰ ট্ৰফী দখল কৰিছে মুম্বাই ইণ্ডিয়ানছে । যোৱা ছিজনক তেওঁৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক অধিনায়কৰ দায়িত্ব দিয়ে টীম মেনেজমেন্টে । ৰোহিতৰ গুৰুত্ব কিন্তু তিলমানো নকমিল, সেই কথা বুজাই ভালদৰেই বুজিলে । এই ছিজনত প্ৰথম তিনিখন মেচত প্ৰদৰ্শন হতাশজনক মুম্বাইৰ জ্যেষ্ঠ অপেনাৰগৰাকীৰ । তাৰ পাছতেই প্ৰশ্ন উঠে ৰোহিতৰ ফৰ্মক লৈ । লক্ষ্ণৌৰ বিৰুদ্ধে নেখেলাৰ এয়াই কাৰণ নেকি?

লক্ষ্ণৌৰ বিৰুদ্ধে টছ জিকাৰ পাছত হাৰ্দিক পাণ্ডিয়াই জনায়, অনুশীলনৰ সময়ত আঁঠুত আঘাত পায় ৰোহিতে । সেয়ে তেওঁক এই মেচত বিশ্ৰাম দিয়া হৈছে । কিন্তু ৰোহিতক দেখি আঘাতপ্ৰাপ্ত যেন নালাগিক দৰ্শকৰ । মেচৰ আগত অনুশীলন কৰিছিল । মেচ আৰম্ভ হোৱাৰ পাছত সলনি হ’ল দৃশ্য । ৰোহিতে দলৰ সৈতে গেলাৰীত বহি খুব ভালকৈ পৰিস্থিতি অধ্যয়ন কৰিছে । ঠিক যিদৰে টীম মেন্টৰে কৰে ।