শ্ৰেয়াছৰ অধিনায়কত্বত আই পি এলৰ ট্ৰফী দাঙি ল’বলৈ সুযোগ পাবনে প্ৰীতি জিন্টাই?
পঞ্জাব কিংছে কেতিয়াও আই পি এলৰ ট্ৰফী লাভ কৰিব পৰা নাই । ফলত আই পি এলৰ পূৰ্বে কেকেআৰে শ্ৰেয়াছক ধৰি ৰাখিব নোৱাৰাৰ পৰাই পঞ্জাবে এজন ভাল অধিনায়কৰ সন্ধানত আছিল । গতিকে পঞ্জাবে জেদ্দাত শ্ৰেয়াছক পাবলৈ সুযোগ পাই জপিয়াই পৰিল । ২৬.৭৫ কোটি টকাৰ বিনিময়ত পঞ্জাবে কেকেআৰৰ পৰা কাঢ়ি লৈছিল চেম্পিয়ন অধিনায়কগৰাকীক । যোৱা ছিজনত শ্বাহৰুখৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল শ্ৰেয়াছে । প্ৰীতিৰ ক্ষেত্ৰতো তেওঁ একে কাম কৰিব পাৰিবনে ?
ৰোহিত-বিৰাটৰ পৰৱৰ্তী প্ৰজন্মৰ কথা আহিলে শ্ৰেয়াছ আয়েৰৰ নামটো চৰ্চা হোৱাটো নিশ্চিত । এই প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন । সৰুৰে পৰা ক্ৰিকেটে তেওঁক আকৰ্ষণ কৰা নাই । ১৮ বছৰ বয়সতহে তেওঁ প্ৰবীণ অমৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল । সেয়াই আছিল আৰম্ভণি, তাৰ পাছত আৰু পিছলৈ ঘূৰি চোৱা নাছিল । শেহতীয়াকৈ তেওঁ ভাৰতীয় দলৰ হৈ চেম্পিয়নছ ট্ৰফী জয় কৰিছে । যদি তেওঁ জাতীয় দলৰ পৰা ভাৰতীয় ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগলৈ ঘূৰি আহে, তেন্তে শ্ৰেয়াছৰ অভিলেখ দেখা যাব ।
যোৱা ছিজনত তেওঁ কেকেআৰক চেম্পিয়ন কৰিছিল । বৰ্তমানৰ আই পি এলত তেওঁৰ ঠিকনা এতিয়া নাইট কেম্প নহয় । প্ৰীতি জিন্টাৰ পঞ্জাব দলৰ অধিনায়ক শ্ৰেয়াছ । ২৬.৭৫ কোটি টকাৰ বিনিময়ত পঞ্জাবে কেকেআৰৰ পৰা কাঢ়ি লৈছিল চেম্পিয়ন অধিনায়কগৰাকীক । যোৱা ছিজনত শ্বাহৰুখৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল শ্ৰেয়াছে । প্ৰীতিৰ ক্ষেত্ৰতো তেওঁ একে কাম কৰিব পাৰিবনে ?