শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
IPL 2025 ৰ আটাইতকৈ দামী খেলুৱৈ, নামী হোৱাৰ চেলেঞ্জ ঋষভ পন্টৰ

IPL 2025 ৰ আটাইতকৈ দামী খেলুৱৈ, নামী হোৱাৰ চেলেঞ্জ ঋষভ পন্টৰ

raj-saikia
Raj Saikia | Published: 24 Mar 2025 16:07 PM

কেইবাদিনো ধৰি লক্ষ্ণৌৰ সৈতে প্ৰস্তুতি চলাই আছে ঋষভ পন্টে । কিন্তু মেচৰ অনুশীলন দীঘলীয়া নহয় । সেই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁ খেলিছিল । ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে তেওঁ দলত আছিল । কিন্তু এখনো মেচ খেলা নহ’ল । একেখন ছবি চেম্পিয়নছ ট্ৰফীতো । বেঞ্চত বহি চেম্পিয়নৰ ট্ৰফী উপভোগ কৰিলে । যিটো এটা দল হিচাপে গৌৰৱৰ বিষয়, কিন্তু ব্যক্তিগতভাৱে ইয়াৰ অৰ্থ কি ? এই প্ৰশ্নটো ৰৈ গৈছে । ঋষভ পন্টৰ বাবে আই পি এল এতিয়াৰ বাবে সৰ্বোত্তম মঞ্চ । তেওঁ হৈ পৰিছিল আটাইতকৈ দামী অধিনায়ক আৰু খেলুৱৈ । এইবাৰ বিখ্যাত হোৱাটো প্ৰয়োজনীয় ।

ষ্টুপিড…ষ্টুপিড…ষ্টুপিড !
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ধাৰাভাষ্য এই দৰেই কৈছিল কিংবদন্তি সুনীল গাভাস্কাৰে । মেচৰ যি পৰিস্থিতি আছিল, সেই সময়ত ফেন্সী শ্বট খেলি আউট হোৱাত পন্টৰ ওপৰত প্ৰচণ্ড খং উঠিছিল গাভাস্কাৰৰ । কাৰণ, ঠিক তাৰ আগৰ বলটোত একে ধৰণৰ শ্বট কোবাবলৈ চেষ্টা কৰিছিল পন্টে । মিছ হৈছিল শ্বটটো । সেই বাবেই পিছৰ বলত একে শ্বট খেলা তথা মেচৰ তেনে এক স্থিতিত আউট হোৱাত খং উঠাটো স্বাভাৱিক ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ঋষভ পন্টে পুনৰ হয়তো তেনে শ্বট খেলিব । এবাৰ নহয় বাৰে বাৰে খেলিব । এইবাৰ তেওঁৰ ওপৰত কোনো হয়তো ক্ষুণ্ণ নহ’ব । টি-২০ ফৰ্মেট এইধৰণৰ বৈশিষ্টময় শ্বটৰেই প্ৰদৰ্শনী । দ্ৰুত ৰাণ গঢ়াই প্ৰধান লক্ষ্য । কোনটো শ্বট কোবাব, টেকনিক ভাল নে বেয়া সেইবোৰকলৈ সমালোচনাৰ ঠাই নাই ইয়াত । অন্ততঃ ফ্ৰেঞ্চাইজী ক্ৰিকেটত বিশেষকৈ নাই ।

ঋষভ পন্টক বেটিং কিম্বা কীপিঙত হয়তো বৰ বিশেষ বিচাৰ কৰা নহ’ব । কিন্তু অধিনায়কত্বত? এই প্ৰশ্নটো কিন্তু আছে । তেওঁৰ যি দাম সিয়ে বেছিকৈ ভবাই তুলিব মানুহক । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত আটাইতকৈ দামী খেলুৱৈ, আটাইতকৈ দামী কেপ্টেইন । আই পি এলৰ যোৱা কেবাটাও সংস্কৰণত তেওঁ খেলিছে দিল্লী কেপিটেলছত । ট্ৰফী হলে জিকা নাই । এই সংস্কৰণত তেওঁক ৰিটেইন কৰা নাই দিল্লী কেপিটেলছে । টীম মেনেজমেন্টে হয়তো ধৰি লৈছিল ঋষভ ছবিৰ বাহিৰত থাকিব ।

আইপিএলৰ মেগা নিলামত ঋষভক ওভতাই অনাৰ চেষ্টা কৰিছিল কেপিটেলছে । সেয়াই যথেষ্ট নাছিল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছে যেন ফিক্সড ডিপ’জিট কৰি ৰাখিছিল ঋষভক । দিল্লীয়ে আৰটিএম ব্যৱহাৰ কৰে, ২৭ কোটি চূড়ান্ত দৰত ঋষভক ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টেছে । ইয়াৰ পিছত দিল্লীয়ে আৰু কোনো ৰিস্ক লোৱা নাছিল । লক্ষ্ণৌত যোগদান কৰিলে পন্টে । নেতৃত্বৰ দায়িত্বও হাতত অৰ্পণ কৰা হয় তেওঁৰ হাতত ।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২০২২ চনত আই পি এলত অভিষেক ঘটায় । বিগত তিনিটা ছিজন কে এল ৰাহুলৰ নেতৃত্বত খেলিছিল দলটোৱে । লক্ষ্ণৌৱে প্ৰথম দুটা ছিজনত প্লে’ অফত স্থান লাভ কৰে । যোৱা ছিজনত হতাশাজনক আছিল প্ৰদৰ্শন । কে এল ৰাহুলৰ সৈতে দলটোৰ সম্পৰ্কৰ অৱনতি ঘটি অৱশেষত বিচ্ছেদ হয় । ঋষভ পন্টৰ কান্ধত এতিয়া চাপ । ঋষভ পন্টে লক্ষ্ণৌ শিবিৰত যোগদান কৰি দলৰ সতীৰ্থসকলক আশ্বাস বাণী দিয়ে । তেওঁৰ এই বক্তব্য দলৰ নেতা সঞ্জীৱ গোৱেংকায়ো স্মৰণ কৰে । কথা আৰু কৰ্মৰ মাজত ডাঙৰ পাৰ্থক্য আছে ।