গায়ক হোৱাৰ সপোন বাস্তৱ নহ’ল, ২২ গজৰ মঞ্চত জিলিকিছে যশ
এসময়ত মন আছিল গায়ক হোৱাৰ, কিন্তু সংগীতৰ জগতখনত ভাগ্যই লগ নিদিলে তেওঁৰ । কিন্তু যশ নিৰাশ নকৰিলে ক্ৰিকেটে । আই পি এলত জিলিকিছে যশ ঠাকুৰ ।
“অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ” । এই প্ৰবাদৰ অৰ্থ হ’ল কোনো কাম বা শিল্পত পাকৈত হ’বলৈ হ’লে নিৰন্তৰ অনুশীলনৰ জৰিয়তে উন্নতি সাধন কৰিব লাগে । এজন খেলুৱৈৰ কথা ক’বলৈ গৈহে অৱতাৰণা কৰা হৈছে এই প্ৰবাদৰ । কাহিনী এজন ২৬ বছৰীয়া যুৱ বলাৰৰ । তেওঁৰ নাম যশ ঠাকুৰ । যশৰ জন্ম হৈছিল কলকাতাৰ তিলোত্তমাত । তেওঁ পৰিয়ালৰ সৈতে বাস টাৰাটোলাত । যশৰ দেউতাকে সেৱা আগবঢ়াইছিল সেনাবাহিনীত । গতিকে যশে ঠাই সলনিৰ লগত অভ্যস্ত হ’ব লগা হ’ল ।
পিছত কলকাতাৰ পৰা বিদৰ্ভলৈ যায় যশ । তাত ৰাজ্যিক ক্ৰিকেট খেলিছিল তেওঁ । যোৱা ২ বছৰ ধৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দৃষ্টি আকৰ্ষণ কৰি আহিছে এই সোঁহাতৰ বলাৰগৰাকীয়ে । প্ৰথমে ক্ৰিকেটক কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ কথা ভবা নাছিল যশে । তেওঁ প্ৰৱেশ কৰিব বিচাৰিছিল সংগীতৰ জগতখনত । পিছত তেওঁ আহি পালে ২২ গজৰ এই মঞ্চ ।
এসময়ত মন আছিল গায়ক হোৱাৰ, কিন্তু সংগীতৰ জগতখনত ভাগ্যই লগ নিদিলে তেওঁৰ । কিন্তু যশ নিৰাশ নকৰিলে ক্ৰিকেটে । ঘৰুৱা ক্ৰিকেটত বিদৰ্ভৰ হৈ খেলে যশ ঠাকুৰে । তেওঁ বিদৰ্ভৰ হৈ লিষ্ট Aত প্ৰথমখন মেচ খেলিছিল ২০১৭ চনত । পৰৱৰ্তী বৰ্ষত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায় । এই পৰ্যন্ত যশে ২৬ খন প্ৰথম শ্ৰেণীৰ মেচ আৰু ৪৫ খন লিষ্ট A মেচ খেলিছে । আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ জাৰ্চি পিন্ধি অভিষেক ঘটায় তেওঁ । যশে ২০২৩-২০২৪ বৰ্ষৰ দুটা ছিজন লক্ষ্ণৌ শিবিৰৰ হৈ খেলে । মুঠ ১৯খন খেল খেলিছে যশে । য’ত তেওঁ দখল কৰে ২৪ টা উইকেট ।
যোৱা বছৰৰ শেষৰ ফালে জেদ্দাত অনুষ্ঠিত হোৱা আই পি এলৰ মেগা নিলামত পঞ্জাবে ১.৬ কোটি টকাত ক্ৰয় কৰিছিল যশক । এতিয়ালৈকে ১৮ সংখ্যক আই পি এলত পঞ্জাব কিংছৰ জাৰ্চি পিন্ধি এখন খেল খেলাৰ সুযোগহে পাইছে যশে । তাতেই দখল এটা ‘বিৰল’ উইকেট । কাৰণ দুয়ো কিংছৰ মাজত হোৱা যুদ্ধত শেষৰ অভাৰত মেচখন যিকোনো দিশতে যাব পাৰে । তাতে যশে শেষ অভাৰৰ প্ৰথমটো বলত ধোনিৰ উইকেট দখল কৰে । তেতিয়াই নিৰ্ধাৰিত হয় মেচৰ ভাগ্য ।
যোৱা আই পি এলত একাধিক মেচত বেছিভাগ সময়তে ধোনিৰ নামৰ কাষত “নট আউট” শব্দটো জিলিকি আছিল । এইবাৰ যশ ইমপেক্ট প্লেয়াৰ হিচাপে সোমাই পঞ্জাৱ-চেন্নাই মেচত ধোনীৰ উইকেট দখল কৰি চৰ্চিত হৈ পৰে । এতিয়া লক্ষণীয় হ’ব এই ছিজনত পঞ্জাৱৰ জাৰ্চিত যশ প্ৰভাৱ বিস্তাৰ কৰিব পাৰেনে নাই?