বয়সে হাফ চেঞ্চুৰী কোবালে, কিন্তু সৌন্দৰ্যৰে আজিও হৃদয় জয় কৰা প্ৰীতি কিমান সম্পত্তিৰ গৰাকী জানেনে?
আই পি এলৰ সময়ত যেনেকৈ বিভিন্ন দল আৰু ক্ৰিকেটাৰক লৈ আলোচনা হয়, তেনেদৰে আলোচনা হয় দলৰ স্বৰ্তাধিকাৰীৰ বিষেও । কেতবোৰ মুহূৰ্তই আকৰ্ষণ কৰে দৰ্শকক । তেনেদৰে চৰ্চাত থকা এগৰাকী স্বত্বাধিকাৰী হ’ল পঞ্জাৱ কিংছৰ গৰাকী প্ৰীতি জিন্টা । বয়স বাঢ়িলেও প্ৰীতি সৌন্দৰ্যৰ অধিকাৰী হৈ আছে এতিয়াও । কেৱল সৌন্দৰ্যৰেই ধনী নে প্ৰীতি ? তেওঁৰ জীৱনশৈলী আৰু […]
আই পি এলৰ সময়ত যেনেকৈ বিভিন্ন দল আৰু ক্ৰিকেটাৰক লৈ আলোচনা হয়, তেনেদৰে আলোচনা হয় দলৰ স্বৰ্তাধিকাৰীৰ বিষেও । কেতবোৰ মুহূৰ্তই আকৰ্ষণ কৰে দৰ্শকক । তেনেদৰে চৰ্চাত থকা এগৰাকী স্বত্বাধিকাৰী হ’ল পঞ্জাৱ কিংছৰ গৰাকী প্ৰীতি জিন্টা । বয়স বাঢ়িলেও প্ৰীতি সৌন্দৰ্যৰ অধিকাৰী হৈ আছে এতিয়াও । কেৱল সৌন্দৰ্যৰেই ধনী নে প্ৰীতি ? তেওঁৰ জীৱনশৈলী আৰু ধন-সম্পত্তিয়েও আপোনাক আচৰিত কৰি তুলিব । প্ৰীতি জিন্টাৰ ব্যক্তিগত জীৱনত এবাৰ চকু ফুৰাওঁ আহক ।
তথ্য অনুসৰি প্ৰীতি জিন্টাৰ মুঠ সম্পত্তি কমেও ১৮৩ কোটি টকা । অৱশ্যে সেই তথ্য দুবছৰমান আগৰ । ক’ব পাৰি যে সময়ৰ লগে লগে এই পৰিমাণ বৃদ্ধি পাইছে । চিনেমাৰ পৰাও তেওঁ দীঘলীয়া বিৰতি লৈছে । অৱশ্যে ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আছে । তথ্য অনুসৰি প্ৰীতিয়ে ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ বাবে প্ৰায় ১.৫ কোটি টকা লয় ।
দুবছৰমান আগতে প্ৰীতিয়ে ১৭ কোটিৰো অধিক টকাত আন এটা এপাৰ্টমেণ্ট কিনিছিল । ইয়াৰ উপৰিও তেওঁৰ গৃহ চহৰ ছিমলাতো এটা ঘৰ আছে । আনকি লছ এঞ্জেলছতো আছে ঘৰ । ঘৰৰ লগতে গাড়ী সংগ্ৰহো বাদ দিব নোৱাৰি । তেওঁৰ পৰ্ছে আৰু মাৰ্চিডিজৰ দৰে কেইবাখনো বিলাসী বাহন আছে ।
অভিনয়ৰ উপৰিও তেওঁৰ বিনিয়োগৰ প্ৰতিও প্ৰৱণতা আছে । ২০০৮ চনত আই পি এলত যৌথ মালিকীস্বত্ব ক্ৰয় কৰিছিল প্ৰীতিয়ে । তেওঁ ৩৫ কোটি টকা বিনিয়োগ কৰিছিল কিংছ ইলেভেন পঞ্জাবত । সময়ৰ লগে লগে দলটোৰ মূল্য বৃদ্ধি পাইছে । ব্যৱসায়তো ‘সুন্দৰ’ বন্ধুত্ব প্ৰীতিৰ । শেহতীয়া তথ্য অনুসৰি পঞ্জাব কিংছৰ মূল্য প্ৰায় ৮ হাজাৰ কোটি ! একমাত্ৰ আক্ষেপটো হ’ল ট্ৰফী জয় । সেই সপোন পূৰণৰ লক্ষ্য প্ৰীতিৰ পঞ্জাবৰ ।