মহাকাশ অভিযানৰ ক্ষেত্ৰত নতুন খ্যাতি লাভ ভাৰতৰঃ সম্পূৰ্ণ ১০০ সংখ্যক উৎক্ষেপণ
মহাকাশ অভিযানৰ ক্ষেত্ৰত নতুন খ্যাতি লাভ কৰিছে ভাৰতে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোই বুধবাৰে পুৱা ৬.২৩ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এনভিএছ-০২ কঢ়িয়াই অনা জিএছএলভি-এফ১৫ সফলতাৰে উৎক্ষেপণ কৰে। দেশৰ মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোৰ এয়া ১০০ সংখ্যক উৎক্ষেপণ।
মহাকাশ অভিযানৰ ক্ষেত্ৰত নতুন খ্যাতি লাভ কৰিছে ভাৰতে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোই বুধবাৰে পুৱা ৬.২৩ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এনভিএছ-০২ কঢ়িয়াই অনা জিএছএলভি-এফ১৫ সফলতাৰে উৎক্ষেপণ কৰে। দেশৰ মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোৰ এয়া ১০০ সংখ্যক উৎক্ষেপণ। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ইছৰোৰ এই অভিযানৰ সফলতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিক্ৰম সাৰাভাই, সতীশ ধাৱন আৰু আন দুই এজন বিজ্ঞানীৰ সৰু আৰম্ভণিৰে পৰাই ই এক বৰেণ্য যাত্ৰাত পৰিণত হৈছে বুলি মন্তব্য কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশ খণ্ড ‘আনলক’ কৰাৰ পিছত আৰু আকাশৰ কোনো সীমা নাই বুলি বিশ্বাস জগাই তোলাৰ পিছত এয়া এক বৃ্হৎ সফলতা বুলিও মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।