শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আজিৰ দিনটোত কি কি ঘটিল শ্বেয়াৰ বজাৰত? চাওক উত্থান-পতনৰ খবৰ..

আজিৰ দিনটোত কি কি ঘটিল শ্বেয়াৰ বজাৰত? চাওক উত্থান-পতনৰ খবৰ..

trishna-kalita
Trishna Kalita | Updated On: 03 Mar 2025 23:33 PM

অবিৰতভাৱে নিম্নগামী হৈ আছে ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । আজি নিফটি ফিফটি ৫ পইন্ট নিম্নগামী হোৱাৰ বিপৰীতে ১১২ পইন্ট নিম্নগামী হয় ছেনছেক্স ।

আজি ৫৮৩ পইন্ট ঊৰ্ধগামী হয় নিফটি নেক্সট । ৫ পইন্ট ঊৰ্ধগামী হয় নিফটি টোটেল । একেদৰে নিফটি ১০০ (হাণ্ড্ৰেড) ও প্ৰায় ৩৪ পইন্ট ঊৰ্ধগামী হয় । নিফটি মিডকেপ ছিলেক্টো আজি ঊৰ্ধগামী হয় । ২৯৬ পইন্ট বৃদ্ধি পায় নিফটি আইটি সূচক । বিদেশী সূচকসমূহলৈ মন কৰিলে দেখা যায় যে আজি জাপানৰ সূচক নিক্কেই আৰু চীনা সূচক হেংছেং ঊৰ্ধগামী হয় । ১.৭০ শতাংশ বৃদ্ধি পায় নিক্কেই । ইফালে ০.২৮ শতাংশ বৃদ্ধি পায় চীনা সূচক হেংছেং ।

যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।