শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
নিফটি৫০ আৰু ছেনছেক্স নিম্নগামী, চাওক শ্বেয়াৰ বজাৰৰ খবৰ

নিফটি৫০ আৰু ছেনছেক্স নিম্নগামী, চাওক শ্বেয়াৰ বজাৰৰ খবৰ

raj-saikia
Raj Saikia | Published: 13 Mar 2025 20:18 PM

আজি সর্বোচ্চ ১০.৮৭ শতাংশ কমিছে পার্ল গ্ল'বেল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও আজি কমিছে উদয়শিবকুমাৰ ইনফ্রা, নাগৰিকা এক্সপোর্টছ, বংকা বায়'লু আৰু আছাহি সংগন কালার্ছৰ শ্বেয়াৰৰ দাম ।

আজি ১৩ মার্চ, সামান্য নিম্নগামী হয় ভাৰতৰ দুই বেঞ্চমার্ক সূচক নিফটি ৫০ আৰু ছেনছেক্স । বাকী সূচকবোৰৰ ভিতৰত বেছিভাগ সূচকেই আজ সামান্য নিম্নগামী হৈছে । মাত্র ৩ পইন্ট বাঢ়িছে নিফটি বেংকৰ সূচক ।
আনহাতে আজি চীনা সূচক হেংছেঙো ১৩৭ পইন্ট নিম্নগামী হৈছে । অৱশ্যে আন এক এছিয়ান সূচক জাপানৰ নিক্কেই ঊৰ্ধগামী হৈছে ১৪৭ পইন্ট ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰে ইৰিছ ক্লথিং আৰু হাইটেক কর্পৰেশ্যনে । যথাক্রমে ৩০.৬৫ শতাংশ আৰু ২০ শতাংশ বাঢ়িছে কোম্পানী দুটাৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও আজি বাঢ়িছে আৰিহান্ট কেপিটেল মার্কেটছ, এন এ চি এল ইণ্ডাষ্ট্ৰীজ আৰু এমটিএনএলৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি সর্বোচ্চ ১০.৮৭ শতাংশ কমিছে পার্ল গ্ল’বেল ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও আজি কমিছে উদয়শিবকুমাৰ ইনফ্রা, নাগৰিকা এক্সপোর্টছ, বংকা বায়’লু আৰু আছাহি সংগন কালার্ছৰ শ্বেয়াৰৰ দাম ।