Assam News: দিনটোৰ কেইটামান ডাঙৰ খবৰ
খানাপাৰাত চলি থকা Advantage Assam 2.0ৰ প্ৰথম দিনা দেশ-বিদেশৰ লগতে ৰাজ্যৰ বহু বিয়োগকাৰীয়ে কোটি-কোটি টকা বিনিয়োগ কৰিছে। ইফালে কেবাটাও চৰকাৰী খণ্ডৰ পৰা প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ।
এডভান্টেজ অসমৰ আজি দ্বিতীয় দিন । আজিও বহুকেইটা কোম্পানীৰ সৈতে স্বাক্ষৰিত হয় বুজাবুজিৰ চুক্তি । খানাপাৰাত চলি থকা Advantage Assam 2.0ৰ প্ৰথম দিনা দেশ-বিদেশৰ লগতে ৰাজ্যৰ বহু বিয়োগকাৰীয়ে কোটি-কোটি টকা বিনিয়োগ কৰিছে।
ইফালে কেবাটাও চৰকাৰী খণ্ডৰ পৰা প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে । এই খণ্ডসমূহৰ বিকাশৰ বাবে বৰ্তমান দক্ষ মানৱ সম্পদ গঢ় দিয়াৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে । শিক্ষা ব্যৱস্থাৰ সংশোধনৰ দ্বাৰা মানৱ সম্পদ গঢ় দিয়া হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ । আজি ষ্টাৰ চিমেণ্টে ৩২০০ কোটি টকাৰ বিনিয়োগৰ চুক্তি কৰে। মেথিছন হাইড্ৰ’জেনে অসমত বিনিয়োগ কৰিব ১৫০০ কোটি টকা। মেদান্তাই ৫০০ কোটি টকাৰে খুলিব মাল্টিস্পেচিয়েলিটী হাস্পতাল। লগতে চাওক বহু গুৰুত্বপূৰ্ণ খবৰ।