কেৱল জীৱন বীমা নহয়, গ্ৰাহকৰ স্বাস্থ্যৰো দায়িত্ব ল’ব LICয়ে
সাধাৰণতে মুৰব্বীৰ মৃত্যুৰ পিছতো যাতে পৰিয়ালে চিন্তা কৰিব নালাগে সেই কথা ভাবি মানুহে জীৱন বীমা কৰে। কাইলৈ যদি কিবা এটা অঘটন সংঘটিত হয়, তেন্তে LICত জমা হোৱা মূলধনে হৈ পৰে পৰিয়ালটোৰ মেৰুদণ্ড।
LIC মধ্যবিত্ত শ্ৰেণীৰ এক সপোন। বহু কষ্টেৰে উপাৰ্জিত ধনৰ একাংশ ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে জমা কৰে তেওঁলোকে। যিয়ে কিছু পৰিমাণে হ’লেও তেওঁলোকক ভৱিষ্যৎ সুৰক্ষিত কৰিব বুলি আশা কৰা হয়। যিয়ে পৰিয়ালৰ প্ৰতি থকা এজন মুৰব্বীৰ দায়িত্বক অলপ সকাহ প্ৰদান কৰে।
সাধাৰণতে মুৰব্বীৰ মৃত্যুৰ পিছতো যাতে পৰিয়ালে চিন্তা কৰিব নালাগে সেই কথা ভাবি মানুহে জীৱন বীমা কৰে। কাইলৈ যদি কিবা এটা অঘটন সংঘটিত হয়, তেন্তে LICত জমা হোৱা মূলধনে হৈ পৰে পৰিয়ালটোৰ মেৰুদণ্ড। কিন্তু কেৱল জীৱন বীমা নহয়, দেশৰ অন্যতম আগশাৰীৰ জীৱন বীমা কোম্পানী LICয়ে বিনিয়োগকাৰীক বিভিন্ন ধৰণৰ বিনিয়োগ পলিচি প্ৰদান কৰে।পৰিসংখ্যা অনুসৰি কোম্পানীটোৰ মুঠ গ্ৰাহকৰ ভিতৰত ২৯ কোটি গ্ৰাহকে LICৰ টাৰ্ম বীমা গ্ৰহণ কৰে। যাৰ জৰিয়তে পলিচিধাৰীৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে বৃহৎ পৰিমাণৰ ধন লাভ কৰে। এতিয়া বছৰ বছৰ ধৰি মানুহক জীৱন বীমা বিক্ৰী কৰি নতুন পথৰ সন্ধান বিচাৰিছে এলআইচিয়ে।