ছন্দহীন পণ্ট হৈছে নেকি লক্ষ্ণৌৰ বেটিংক্ৰমৰ বোজা! এফালে ব্যৰ্থতা, আনফালে আগন্তুক ভৱিষ্যতৰ শংকা…
পণ্টৰ ক্ষেত্ৰত চলিত আই পি এল ছিজনত দেখা গৈছে ধাৰাবাহিক ব্যৰ্থতা। আই পি এল ইতিহাসৰে আটাইতকৈ দামী খেলুৱৈ পণ্টে ৯খন খেলত সংগ্ৰহ কৰিছে মাত্ৰ ১০৬ ৰান। ৰানৰ গড় ১৩.২৫ আৰু ষ্ট্ৰাইক ৰেট ৯৬.৩৬। এনে হতাশাজনক প্ৰদৰ্শনৰ পিছে স্বাভাৱিকতেই দেখা গৈছে আলোচনা। তাৰ সমান্তৰালকৈ আলোচিত হৈছে পণ্টৰ ভৱিষ্যতো। চাওঁ আহক এই বিষয়ে।
আই পি এল ২০২৫ৰ পূৰ্বে বিগত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা মেগা নিলামত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ২৭ কোটি টকাৰ দৰত ক্ৰয় কৰিছিল ঋষভ পণ্টক। আৰু পিছত দলটোৰ অধিনায়ক হিচাপেও তেওঁক দায়িত্ব প্ৰদান কৰা হয়। কিন্তু প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছৰে পৰা দুৰ্দশা অব্যাহত আছে পণ্টৰ। সাধাৰণতে এগৰাকী খেলুৱৈয়ে সকলো সময়তে যে প্ৰদৰ্শন কৰিব পাৰে, সেই কথা সম্ভৱ নহয়। কেতিয়াবা যদি সফল হয়, কেতিয়াবা আকৌ অত্যন্ত বিফলতাৰো সন্মুখীন হ’বলগা হয়। আৰু এনে উত্থান-পতনৰ মাজেৰেই আগবাঢ়ি যায় ক্ৰিকেটাৰসকল।
পিছে পণ্টৰ ক্ষেত্ৰত চলিত আই পি এল ছিজনত দেখা গৈছে ধাৰাবাহিক ব্যৰ্থতা। আই পি এল ইতিহাসৰে আটাইতকৈ দামী খেলুৱৈ পণ্টে ৯খন খেলত সংগ্ৰহ কৰিছে মাত্ৰ ১০৬ ৰান। ৰানৰ গড় ১৩.২৫ আৰু ষ্ট্ৰাইক ৰেট ৯৬.৩৬। এনে হতাশাজনক প্ৰদৰ্শনৰ পিছে স্বাভাৱিকতেই দেখা গৈছে আলোচনা। তাৰ সমান্তৰালকৈ আলোচিত হৈছে পণ্টৰ ভৱিষ্যতো। চাওঁ আহক এই বিষয়ে…