শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মহাকুম্ভৰ পৰা বলীউডলৈ ইন্দোৰৰ মনালিছাৰ যাত্ৰা...

মহাকুম্ভৰ পৰা বলীউডলৈ ইন্দোৰৰ মনালিছাৰ যাত্ৰা…

trishna-kalita
Trishna Kalita | Published: 18 Feb 2025 19:19 PM

ইন্দোৰ গাঁৱৰ পৰা বিমানেৰে কেতিয়াবা যদি বেংগালুৰু, আকৌ কেতিয়াবা কেৰালালৈ উৰা মাৰিছে মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা ভোছলে। লগতে কৰিছে পঢ়া-শুনাও। ইফালে পৰিচালক সনোজ মিশ্ৰৰ হাতত ধৰি চিনেমাৰ বাবেও লাহে লাহে সাজু হৈছে মনালিছা।

পূৰ্বে মালা বিক্ৰী কৰি পৰিয়াল চলাই থকা ছোৱালীজনী, এতিয়া হ’বলৈ গৈ আছে বলীউডৰ চকুৰ মণি। ইন্দোৰ গাঁৱৰ পৰা বিমানেৰে কেতিয়াবা যদি বেংগালুৰু, আকৌ কেতিয়াবা কেৰালালৈ উৰা মাৰিছে মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা ভোছলে। লগতে কৰিছে পঢ়া-শুনাও। ইফালে পৰিচালক সনোজ মিশ্ৰৰ হাতত ধৰি চিনেমাৰ বাবেও লাহে লাহে সাজু হৈছে মনালিছা।

এতিয়া মনালিজাৰ বয়স মাত্ৰ ১৬ বছৰ। পিতৃ-মাতৃ আৰু ভগ্নীৰ সৈতে ইন্দোৰত এটা অতি নিম্ন শ্ৰেণীৰ পৰিয়ালত বাস কৰে মনালিছা ভোছলে। যাৰ বাবে কিছু ভাল উপাৰ্জনৰ আশাত ভগ্নীৰ লগত মালা বিক্ৰী কৰিবলৈ মহাকুম্ভলৈ গৈছিল মনালিছা। কিন্তু মালা বিক্ৰী কৰাটো পিছৰ কথা, আকৰ্ষণীয় চকু আৰু ধুনীয়া মুখৰ বাবেই নিশাটোৰ ভিতৰতে ছ’চিয়েল মিডিয়াত চেলিব্ৰেটিত পৰিণত হ’ল মনালিছা।