শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Ministry of Defence: LLTR ক্ৰয় কৰাৰ বাবে ২,৯০৬ কোটি টকাৰ চুক্তি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Ministry of Defence: LLTR ক্ৰয় কৰাৰ বাবে ২,৯০৬ কোটি টকাৰ চুক্তি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

barasha-misra
Barasha Misra | Published: 19 Mar 2025 23:13 PM

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ সৈতে কেইবা কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে। জানিব পৰা মতে, দেশৰ আগশাৰীৰ প্ৰতিৰক্ষা গৱেষণা সংস্থা DRDO ৰ সহযোগী প্ৰতিষ্ঠান BELৰ পৰা মুঠ ১৮ টা LLTR (Low Level Transportable Radar) ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

ভাৰতৰ চাৰিওফালে যেন শত্ৰুৰ অৱস্থান ! এই শত্ৰুৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ ‘অশ্বিনী ৰাডাৰ’ ক্ৰয় কৰিব ভাৰতে।শেহতীয়াকৈ কোৱা হৈছে যে, ৰাজনৈতিক অস্থিৰতাই সলনি বাংলাদেশো এক প্ৰকাৰে ভাৰতৰ শত্ৰু হিচাপে পৰিগণিত হৈছে । একেদৰে ভাৰতৰ সৈতে মতানৈক্য থকা চীনেও সামৰিক আবণ্টন বৃদ্ধি কৰি বায়ুসেনা আৰু নৌসেনাক শক্তিশালী কৰি তুলিছে। এই সকলোবোৰ শত্ৰুৰ মাজত কাৰ্যতঃ ‘চিৰন্তন শত্ৰু’অৱস্থানত আছে পাকিস্তান।

সময়ৰ লগে লগে প্ৰতিখন দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অতি আধুনিক হৈ গৈ আছে। সকলো দেশেই প্ৰতিৰক্ষা বিভাগত ড্ৰ’ন প্ৰযুক্তি অন্তৰ্ভু্ক্ত কৰিছে । আন্তঃৰাষ্ট্ৰীয় সীমা উলংঘা কৰাৰ বাবে এই ড্ৰ’ন এক উত্তম আহিলা হৈ পৰিছে চীন, পাকিস্তান আৰু বাংলাদেশৰ সেনাবাহিনীৰ। দৰাচলতে বাংলাদেশৰ নেতৃত্ব সলনি হোৱাৰ পিছৰে পৰা ‘চিকেনছ নেক’ৰ আশে-পাশে শত্ৰুৰ বহু ড্ৰ’নৰ অৱস্থান ধৰা পেলাইছে ভাৰতীয় সেনাই । সৰু আকাৰৰ বাবে এই ড্ৰ’নবোৰ প্ৰায়ে সৈনিকৰ দৃষ্টিৰ পৰা সাৰি যায়। আৰু সেই সমস্যা সমাধানৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে।