শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Ministry of Defence: প্ৰতিৰক্ষা সামগ্ৰীৰ বাবে ১৯১৭ কোটি টকাৰ চুক্তি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Ministry of Defence: প্ৰতিৰক্ষা সামগ্ৰীৰ বাবে ১৯১৭ কোটি টকাৰ চুক্তি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

manas-borah
Manas Borah | Updated On: 22 Feb 2025 20:10 PM

চফটৱেৰ ডিফাইনেড ৰেডিঅ’ আৰু ৰাফ টেৰেইন ফৰ্কলিফ্ট ট্ৰাক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে ১৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰিত কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে । এই চুক্তিৰ ফলত উন্নত চফটৱেৰৰ ১৪৯ টা ৰেডিঅ’ লাভ কৰিব ক’ষ্ট গাৰ্ডে ।

প্ৰযুক্তিগতভাৱে আৰু অধিক শক্তিশালী হ’ব ভাৰতীয় সেনা । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে । ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ চফটৱেৰ ডিফাইনেড ৰেডিঅ’ আৰু ৰাফ টেৰেইন ফৰ্কলিফ্ট ট্ৰাক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে ১৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰিত কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

এই চুক্তিৰ ফলত উন্নত চফটৱেৰৰ ১৪৯ টা ৰেডিঅ’ লাভ কৰিব ক’ষ্ট গাৰ্ডে । এই ৰেডিঅ’সমূহৰ জৰিয়তে পূৰ্বতকৈ বহু বেছি দ্ৰুততাৰে আৰু নিৰাপদভাৱে তথ্য বিনিময় কৰাটো সম্ভৱ হ’ব। কেৱল এয়াই নহয়, জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হ’লে প্ৰতিটো মুহূৰ্ততে আপডেট দিয়াটো সহজ হ’ব। ইয়াৰ বাবে প্ৰতিৰক্ষা বিষয়া আৰ কে সিঙৰ উপস্থিতিত চৰকাৰী প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাতা ভাৰত ইলেক্ট্ৰনিকছৰ সৈতে ১২২০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হয়।