ব্যৱসায় কৰিব বিচাৰে নেকি? মোদীয়ে দিব ২০ লাখ টকা!
Mudra loan: চৰকাৰী তথ্য অনুসৰি, ২০১৫ চনৰ পৰা ২০২৩ চনলৈ মাত্ৰ আঠ বছৰতে ৪৪ কোটি গ্ৰাহকক ঋণ প্ৰদান কৰিছে কেন্দ্ৰই। যোৱা বছৰ দীপাৱলীৰ পূৰ্বে কেন্দ্ৰই ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ অধীনত আৱেদনকাৰীৰ ঋণৰ আৱেদন দুগুণ কৰিছিল।
আপুনিও নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি? কিন্তু কেৱল টকাৰ বাবেই ব্যৱসায় আৰম্ভ কৰাৰ সপোনটো পূৰণ কৰিব পৰা নাই নেকি? এই ক্ষেত্ৰত আপুনি যদি উপায় বিচাৰি আছে তেন্তে চিন্তাৰ প্ৰয়োজন নাই। কিয়নো প্ৰয়োজন হ’লে মোদীয়ে দিব টকা। এই ধন মোদী চৰকাৰে ঋণৰ ৰূপত প্ৰদান কৰিব। অৱশ্যে সকলোৱে এই সুবিধা লাভ নকৰে। কিছুমান নিৰ্দিষ্টলোকে এই সুবিধা লাভ কৰিব। মোদী চৰকাৰৰ এই আঁচনিৰ নাম হৈছে ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (PM Mudra Yojana )। মূলতঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক–যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এই ঋণৰ আঁচনিখন লৈ আহিছে।