কেৱল ধুনীয়া চিয়াৰলীডাৰ নহয়, আইপিএলত এইবাৰ আকৰ্ষণ এটা কুকুৰ

Apr 19, 2025 | 10:09 PM

ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ধনাঢ্য ফ্ৰেঞ্চাইজী লীগ আই পি এল। এইবাৰ প্ৰতিযোগিতাখনে ভৰি দিছে ১৮তম সংস্কৰণত। বিগত প্ৰতিটো ছিজনতো আই পি এলে দৰ্শকক নতুন চমক দি আহিছে। ব্যতিক্ৰম নহ’ল এইবাৰো। আই পি এলত এইবাৰ নতুন চমক এটা ৰবট কুকুৰ।

ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ধনাঢ্য ফ্ৰেঞ্চাইজী লীগ আই পি এল। এইবাৰ প্ৰতিযোগিতাখনে ভৰি দিছে ১৮তম সংস্কৰণত। বিগত প্ৰতিটো ছিজনতো আই পি এলে দৰ্শকক নতুন চমক দি আহিছে। ব্যতিক্ৰম নহ’ল এইবাৰো। আই পি এলত এইবাৰ নতুন চমক এটা ৰবট কুকুৰ। ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞ আলোচক, ষ্টাফ, চিয়াৰলীডাৰ সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে আই পি এলৰ এই নতুন সদস্যগৰাকী। ইতিমধ্যে এই কুকুৰটোৰ বহু ছবি তথা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’সমূহত দেখা গৈছে, সকলোকে আকৰ্ষিত কৰা এই ৰবট কুকুৰটোৱে খোজ কাঢ়িব, দৌৰিব, জঁপিয়াব আৰু নাচিবও পাৰে। মেচৰ পূৰ্বে টছৰ সময়তো বিশেষ মুদ্ৰাটি কঢ়িয়াই আনে এই কুকুৰটোৱেই। চাওঁ আহক আই পি এলৰ এই বহুল চৰ্চিত নতুন সদস্যগৰাকীৰ বিষয়ে…