একালৰ আমেৰিকাৰ পাৰফিউম দোকানৰ কৰ্মচাৰী এতিয়া অ’ৰেঞ্জ আৰ্মীৰ আশাৰ আধাৰ
২০১২ চনৰ পৰাই আই পি এলৰ অংশ হৰ্ষলে ভাৰতীয় দলকো ইতিমধ্যে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে। নিখুঁত য়ৰ্কাৰ, শ্ল’ৱাৰ বলৰ চমকেৰে হৰ্ষল সাম্প্ৰতিক সময়ত টি-২০ ফৰ্মেটৰ এগৰাকী আগশাৰীৰ বলাৰ হিচাপে স্বীকৃত। পিছে এই হৰ্ষলেই এসময়ত আমেৰিকাত এখন পাৰফিউমৰ দোকানত কৰ্মচাৰী হিচাপে কাম কৰিছিল। চাওঁ আহক এই বিষয়ে...
চলি আছে আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। এই ছিজনত এতিয়ালৈকে স্থিতি সবল নহয় ছানৰাইজাৰ্ছ হায়দৰাবাদৰ। বিগত ছিজনৰ ৰাণাৰ্ছ আপ দলটোৱে এইবাৰ হতাশাজনক প্ৰদৰ্শনেৰে এইপৰ্যন্ত ৯ খন মেচৰ মাত্ৰ তিনিখনত জয়েৰে অষ্টম স্থানত অৱস্থান কৰিছে। অৱশ্যে নিজৰ শেহতীয়া মেচখনত জয়ী হৈছিল দলটো, আৰু এই জয়ত প্ৰধান ভূমিকা লৈ জিলিকি উঠিছিল হৰ্ষল পেটেল। হায়দৰাবাদে এতিয়াও অৱশ্যে প্লে’ অফৰ আশা এৰা নাই। এইক্ষেত্ৰত হৰ্ষল এতিয়া দলটোৰ অন্যতম আশা হিচাপে পৰিগণিত হৈছে।
এই ছিজনত ৮খন মেচত ১৩টা উইকেটেৰে পাৰ্পল কেপৰ দৌৰতো আছে হৰ্ষল। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ দুবাৰকৈ আই পি এলত এই সন্মান লাভ কৰিছে। ২০১২ চনৰ পৰাই আই পি এলৰ অংশ হৰ্ষলে ভাৰতীয় দলকো ইতিমধ্যে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে। নিখুঁত য়ৰ্কাৰ, শ্ল’ৱাৰ বলৰ চমকেৰে হৰ্ষল সাম্প্ৰতিক সময়ত টি-২০ ফৰ্মেটৰ এগৰাকী আগশাৰীৰ বলাৰ হিচাপে স্বীকৃত। পিছে এই হৰ্ষলেই এসময়ত আমেৰিকাত এখন পাৰফিউমৰ দোকানত কৰ্মচাৰী হিচাপে কাম কৰিছিল। চাওঁ আহক এই বিষয়ে…