চলি আছে প্ৰেমৰ সপ্তাহ! ইয়াৰ মাজতে OYO ই আনিছে এক ভাল খবৰ…
বিভিন্নজনৰ প্ৰথম পচন্দ OYO । হোটেল নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্নজনে OYO বাচনি কৰে। ইয়াৰ মাজতে প্ৰেমৰ সপ্তাহত OYO ই আনিছে এক ভাল খবৰ।
ফেব্ৰুৱাৰী মানেই যেন প্ৰেমৰ মাহ। বৰ্তমান চলি আছে প্ৰেমৰ সপ্তাহ। এই সময়চোৱাত বিভিন্নজনে প্ৰেমৰ দিন উদযাপন কৰিছে। কোনোবাই আপোনজনক যদি ৰঙা গোলাপ উপহাৰ দিছে, কোনোবাই আকৌ দিছে চকলেট, টেডী বিয়েৰ আদি। এই সময়চোৱাত বিভিন্ন ভ্ৰমণস্থলী, হোটেল আদিত যথেষ্ঠ ভিৰ দেখা যায়। ইয়াৰ মাজতে প্ৰেমৰ সপ্তাহত OYO ই আনিছে এক ভাল খবৰ।
উল্লেখ্য যে, প্ৰেমিক-প্ৰেমিকাৰ পৰা, ডেকা-বৃদ্ধলৈ বিভিন্নজনৰ প্ৰথম পচন্দ OYO । সস্তীয়া আৰু সুবিধাদায়ক হোৱা বাবে বহুতে OYO বাচনি কৰে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি বৃদ্ধি পাইছে OYO ৰ ব্যৱসায়। বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ বৃদ্ধি পাইছে। এই হোটেল ব্যৱসায়ী কোম্পানীটোৱে মুঠ ১৬৯৫ কোটি টকা উপাৰ্জন কৰিছে,য’ত ৰাজহ ৩১ শতাংশ বৃদ্ধি পাইছে। যোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত OYOৰ ৰাজহ আছিল প্ৰায় ১২০০ কোটি টকা।