শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ছাগলীৰ মাংস আৰু ভেলপুৰীয়ে জীৱন ৰক্ষা কৰিলে পৰ্যটকৰ...

ছাগলীৰ মাংস আৰু ভেলপুৰীয়ে জীৱন ৰক্ষা কৰিলে পৰ্যটকৰ…

barasha-sarma
Barasha Sarma | Published: 25 Apr 2025 20:56 PM

পহলগামত কোনো মতে প্ৰাণ ৰক্ষা পৰিল ৪১ জন পৰ্যটকৰ। জানিব পৰা মতে, তেওঁলোকে বিভিন্ন কাৰণত সময়মতে পহলগামত উপস্থিত হ'ব পৰা নাছিল। যাৰ বাবে এই আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা পৰে।

“ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন ।” বহু ক্ষেত্ৰত সত্য প্ৰমাণিত হয় এই প্ৰবচন । পহলগামতো তেনেকুৱাই হ’ল । বিভিন্ন কাৰণত মঙলবাৰৰ দিনটোত ৪১ গৰাকী পৰ্যটক বৈছাৰণ উপত্যকাত উপস্থিত হ’ব পৰা নাছিল । যাৰ বাবে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে। জানিব পৰা মতে কেৰালাৰ এটা পৰিয়াল ১৯ এপ্ৰিলত কাশ্মীৰত উপস্থিত হৈছিল আৰু ২২ এপ্ৰিলত পহলগামলৈ যোৱাৰ কথা আছিল।

২২ তাৰিখে পহলগামত যোৱাৰ পূৰ্বে তেওঁলোকে এখন ৰেষ্টুৰেন্টত সোমাই স্থানীয় খাদ্যৰ অৰ্ডাৰ দিয়ে। কিন্তু এই খাদ্যত নিমখ বেছি হোৱা বাবে তেওঁলোকে হোটেলৰ মালিকৰ সৈতে কাজিয়া কৰে যাৰ বাবে সময়মতে পহলগামত উপস্থিত হ’ব নোৱাৰিলে। ঠিক তেনেকৈয়ে মহাৰাষ্ট্ৰৰ পৰ্যটকৰ এটা দল আৰু অন্য এহাল দম্পতীয়ে কোনো কাৰণত সেই ঠাইত দেৰিকৈ উপস্থিত হয়। যাৰ বাবে ভাগ্য ক্ৰমে তেওঁলোকৰ জীৱন ৰক্ষা পৰে।