শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা উচ্চ ন্যায়ালয়ত বোমাৰ ভাবুকিলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা উচ্চ ন্যায়ালয়ত বোমাৰ ভাবুকিলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Updated On: 23 Apr 2025 00:26 AM

মঙলবাৰে কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণে সমগ্ৰ দেশতে সৃষ্টি কৰে চাঞ্চল্যৰ। অস্ত্ৰধাৰী দুৰ্বৃত্তই চলোৱা এই ভ্ৰমণে প্ৰাণ কাঢ়ি নিয়ে কেইবাজনো লোকৰ। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন কাশ্মীৰ ৰেজিষ্টেন্সে এই ভয়ংকৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

মঙলবাৰে কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণে সমগ্ৰ দেশতে সৃষ্টি কৰে চাঞ্চল্যৰ। অস্ত্ৰধাৰী দুৰ্বৃত্তই চলোৱা এই ভ্ৰমণে প্ৰাণ কাঢ়ি নিয়ে কেইবাজনো লোকৰ। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন কাশ্মীৰ ৰেজিষ্টেন্সে এই ভয়ংকৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। আক্ৰমণৰ পিছতে অঞ্চলটোত তৎপৰ হৈ পৰিছে নিৰাপত্তাৰক্ষী বাহিনীৰ লগতে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহ।

কাশ্মীৰৰ এই নৃশংস ঘটনাৰ সমান্তৰালকৈ আজি ৰাজ্যত বোমাৰ ভাবুকিয়েও জোকাৰণি তোলে। ইমেইলৰ জৰিয়তে কোনো দুৰ্বৃত্তই গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰেৰণ কৰাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই দুই বিশেষ খবৰ লগতে চাওঁ আহক মঙলবাৰৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…