শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিয়াৰ ৬ দিন পিছত পত্নীৰ সৈতে গৈছিল কাশ্মীৰ ফুৰিবলৈ, উভটিল নিথৰ দেহ হৈ

বিয়াৰ ৬ দিন পিছত পত্নীৰ সৈতে গৈছিল কাশ্মীৰ ফুৰিবলৈ, উভটিল নিথৰ দেহ হৈ

trishna-kalita
Trishna Kalita | Published: 23 Apr 2025 21:05 PM

জানিব পৰা মতে মৃত বিষয়াজনৰ নাম বিনয় নৰৱাল (২৬)। ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল নৌসেনাৰ বিষয়াগৰাকী।ছুটীত অৱসৰ বিনোদৰ বাবে পত্নীৰ সৈতে কাশ্মীৰলৈ গৈছিল তেওঁ। সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীৰ গুলীত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বিনয় আৰু তেওঁৰ পত্নীয়ে।

তেওঁলোকে গৈছিল অৱসৰ বিনোদৰ বাবে। প্ৰিয়জনৰ সৈতে কিছু সময় উদযাপনৰ বাবে। কিন্তু ঘূৰি আহিল নিথৰ দেহ হৈ। এয়া নিয়তিৰ পৰিহাস নে শত্ৰুৰ ষড়যন্ত্ৰ? আজি ক’বলৈ ভাষাৰ অভাৱ, একে মুখে তীব্ৰ গৰিহণা দিছে সকলোৱে। ‘ভূ-স্বৰ্গ’ কাশ্মীৰত পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা সন্ত্ৰাসবাদীৰ। খবৰ অনুসৰি এই আক্ৰমণত প্ৰায় ২৮ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছে।

তাৰে মাজতে আছিল এটা নৱবিবাহিত দম্পতী। বিয়াৰ ‘বয়স’ মাত্ৰ ৬ দিন। পত্নীক লগত লৈ কাশ্মীৰলৈ হানিমুনৰ বাবে গৈছিল স্বামী। প্ৰথমতে সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত পৰ্যটকৰ ওপৰত এফালৰ পৰা নিৰ্বিচাৰ গুলীচালনা সন্ত্ৰাসবাদীৰ। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণতে নিহত হ’ল ভাৰতীয় নৌসেনাৰ এজন বিষয়া। সংবাদ সংস্থা এএনআইৰ মতে, নৌসেনাৰ বিষয়াগৰাকীয়ে কামৰ বাবে কেৰালাৰ কোচিত বাসিন্দা। কৰ্মক্ষেত্ৰৰ পৰা কিছুদিনৰ ছুটী লৈ কাশ্মীৰলৈ গৈছিল তেওঁ। তাতেই সংঘটিত হ’ল এই সন্ত্ৰাসবাদী আক্ৰমণ।