শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Jhumoir Binandini: ঝুমুৰ নৃত্যশিল্পীক উদ্দেশ্যি অসমীয়াতে ক'লে প্ৰধানমন্ত্ৰীয়ে...বহুত ভাল লাগিছে

Jhumoir Binandini: ঝুমুৰ নৃত্যশিল্পীক উদ্দেশ্যি অসমীয়াতে ক’লে প্ৰধানমন্ত্ৰীয়ে…”বহুত ভাল লাগিছে”

raj-saikia
Raj Saikia | Published: 25 Feb 2025 15:37 PM

ঝুমইৰ বিনন্দিনী অনুষ্ঠানত মুঠ ২৭ খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰে । ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯ গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫ গৰাকী আৰু বাদ্য-যন্ত্ৰী হিচাপে থাকে ২,০৭৪ গৰাকী শিল্পী ।

মাদলৰ ছেৱত ঝুমুৰৰ ছন্দত মুখৰিত হৈ পৰিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । একেলগে ঝুমুৰ নাচিলে ৰাজ্যৰ ৮০০ খন বাগিচাৰ পৰা অহা ৯০০০ ৰো অধিক শিল্পীয়ে । অসম চৰকাৰে এই অনুষ্ঠানৰ নাম দিলে ঝুমইৰ বিনন্দিনী । বাগিচাৰ পৰা বিশ্বৰ মজিয়ালৈ ঝুমুৰ নৃত্যই বাট বোলা এই অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদেশ মন্ত্ৰী এছ জয়শংকৰ, দেশ-বিদেশৰ প্ৰতিনিধিৰ লগতে অসমৰ ৰাইজ । অসমীয়া আৰু আদিবাসী ভাষাতে শিল্পীসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে, চাহ বাগিচাৰ লোকৰ সৈতে তেওঁৰ এক বিশেষ সম্পৰ্ক আছে । আগন্তুক সময়ত চাহ জনগোষ্ঠীৰ বিকাশে অসমৰ বিকাশত বিশেষ গতি প্ৰদান কৰিব বুলিও প্ৰধামন্ত্ৰী মোদীয়ে কয় ।