শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
চাহ বিক্ৰীৰ অভিলেখৰ পৰা পোপ ফ্ৰেন্সিচৰ মৃত্যুলৈ চাওক দিনটোৰ শীৰ্ষ খবৰ

চাহ বিক্ৰীৰ অভিলেখৰ পৰা পোপ ফ্ৰেন্সিচৰ মৃত্যুলৈ চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 21 Apr 2025 23:45 PM

গুৱাহাটী চাহ নিলাম কেন্দ্ৰই চাহ বিক্ৰীৰ ক্ষেত্ৰত ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ। প্ৰতি বছৰে চাহ বিক্ৰী হাৰৰ ধাৰা অব্যাহত ৰাখি এইবাৰ ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬৯.১৩ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছে। ইফালে দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি অৱশেষত আজি চিৰদিনৰ বাবে চকু মুদিলে খ্ৰীষ্টানসকলৰ সৰ্বোচ্চ ধৰ্মীয় পদবীত অধিষ্ঠিত ধৰ্মগুৰু পোপ ফ্ৰান্সিসে।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰই চাহ বিক্ৰীৰ ক্ষেত্ৰত ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ। প্ৰতি বছৰে চাহ বিক্ৰী হাৰৰ ধাৰা অব্যাহত ৰাখি এইবাৰ ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬৯.১৩ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছে। এই বৰ্ষটোত চাহ নিলাম কেন্দ্ৰটোৰ জৰিয়তে মুঠ প্ৰায় ৩,৮৫১ কোটি টকাৰ চাহ বিক্ৰী কৰা হৈছে বুলি জানিবলৈ দিছে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ ক্ৰেতা সংস্থাৰ সচিব দীনেশ বিহানীয়ে। উল্লেখ্য যে বিগত ২০২৩-২৪ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে বিক্ৰী হোৱা চাহৰ পৰিমাণ আছিল ১৬৬.৩৪ নিযুত কিলোগ্ৰাম। একেদৰে এই বৰ্ষত প্ৰতি কিলোগ্ৰাম চাহৰ গড় মূল্যও পূৰ্বৰ বছৰতকৈ বৃদ্ধি পাইছে।

ইফালে দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি অৱশেষত আজি চিৰদিনৰ বাবে চকু মুদিলে খ্ৰীষ্টানসকলৰ সৰ্বোচ্চ ধৰ্মীয় পদবীত অধিষ্ঠিত ধৰ্মগুৰু পোপ ফ্ৰান্সিসে। নিউমোনিয়াত আক্ৰান্ত পোপ ফ্ৰান্সিসক কিছুদিন পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু আজি ৮৮ বছৰ বয়সত তেওঁ ভেটিকান চিটিত মৃত্যুক সাৱতি লয়। চাওঁ আহক আজিৰ দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…