১ লাখ বিনিয়োগ কৰিলে পাব ২ লাখ! জানক এই বিশেষ আঁচনিৰ বিষয়ে…
ধন বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে এক ভাল খবৰ। ডাকঘৰৰ এক আঁচনিত ধন বিনিয়োগ কৰিলে হৈ পৰে দুগুণ। ১০০০ টকাৰ পৰা আপুনি এই আঁচনিৰ অধীনত ধন জমা কৰিব পাৰিব।
আপুনিও টকা বিনিয়োগ কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। চৰকাৰৰ অধীনত থকা এই আঁচনিত ধন জমা থ’লে হৈ পৰে দুগুণ। চৰকাৰী সমৰ্থিত বিনিয়োগৰ অন্যতম বিকল্প হৈছে ডাকঘৰৰ আঁচনি। বিনিয়োগ কৰিবৰ বাবে ডাকঘৰত বহু আঁচনি আছে। ইয়াৰ ভিতৰত অন্যতম কিষাণ বিকাশ পাত্ৰ। এই আঁচনিৰ অধীনত ধন বিনিয়োগ কৰিলে আপুনিও লাভ কৰিব দুগুণ ধন। এই আঁচনিত ১০০০ টকাৰ পৰা ধন বিনিয়োগ কৰিব পাৰে, ইয়াৰ বিপৰীতে বিনিয়োগৰ কোনো সৰ্বোচ্চ সীমা নাই।