Hamas in POK: হামাছৰ দৰেই পাক অধিকৃত কাশ্মীৰতো খন্দা হ’ব নেকি গোপন সুৰংগ?
প্ৰথমে হামাছৰ ইজৰাইল আক্ৰমণ আৰু তাৰ পিছতে ইজৰাইলে চলোৱা প্ৰত্যাক্ৰমণে হাজাৰোধিক লোকৰ প্ৰাণ কাঢ়ি নিলে। এই অভিযানৰ সময়ত গাজাৰ সৰ্বপ্ৰান্তত থকা হামাছৰ সুৰংগৰ লানিয়ে আচৰিত কৰি তোলে ইজৰাইলী সেনাক।হামাছ ধ্বংসৰ লক্ষ্যৰে ইজৰাইলী সেনাই গাজাৰ চৌদিশে চলোৱা অভিযানৰ সময়ত পোহৰলৈ আহিছিল হামাছৰ সুৰংগৰ লানি।
ইজৰাইল-হামাছৰ ভয়ংকৰ যুদ্ধৰ বিভীষিকা এতিয়াও পাহৰিব পৰা নাই বিশ্বই। এই যুদ্ধৰ ভয়াৱহতাই সমগ্ৰ বিশ্বকে জোকাৰি তুলিলে। প্ৰথমে হামাছৰ ইজৰাইল আক্ৰমণ আৰু তাৰ পিছতে ইজৰাইলে চলোৱা প্ৰত্যাক্ৰমণে হাজাৰোধিক লোকৰ প্ৰাণ কাঢ়ি নিলে। এই অভিযানৰ সময়ত গাজাৰ সৰ্বপ্ৰান্তত থকা হামাছৰ সুৰংগৰ লানিয়ে আচৰিত কৰি তোলে ইজৰাইলী সেনাক।হামাছ ধ্বংসৰ লক্ষ্যৰে ইজৰাইলী সেনাই গাজাৰ চৌদিশে চলোৱা অভিযানৰ সময়ত পোহৰলৈ আহিছিল হামাছৰ সুৰংগৰ লানি।
এই সুৰংগসমূহ আছিল হামাছৰ অস্ত্ৰভাণ্ডাৰ আৰু তাৰ পৰাই হামাছে চলাই আহিছিল দীৰ্ঘম্যাদী যুঁজ। হামাছৰ এই ৰণকৌশল চৰ্চিত হৈছিল বিশ্বজুৰি। পিছে হামাছে গাজাত গ্ৰহণ কৰা এই ৰণকৌশল এইবাৰ পাকিস্তান অধিকৃত কাশ্মীৰতো দেখা পোৱা যাব নেকি? শেহতীয়াকৈ প্ৰকাশ পোৱা কিছু প্ৰতিবেদনে জন্ম দিছে এই প্ৰশ্নৰ। পাক অধিকৃত কাশ্মীৰত হামাছ নেতাৰ উপস্থিতিৰ পিছতে এই প্ৰশ্নৰ উত্থাপন হৈছে।