Railway Rules News: ইচ্ছা অনুসৰি শুব নোৱাৰে যাত্ৰীসকলে! ভাৰতীয় ৰে’লৱেৰ এই নিয়ম জানক

Feb 25, 2025 | 10:47 PM

ৰে'লৰ জেনেৰেল, স্লিপাৰ, থাৰ্ড এচি, থাৰ্ড এচি ইকনমি, ছেকেণ্ড এচি আৰু ৰ্ফাষ্ট এচি প্ৰতিটো প্ৰকাৰৰ ডবাতে সুকীয়া ব্যৱস্থা থাকে । ইয়াৰ উপৰিও কিছুমান বাৰ্থৰ বাবেও বেলেগ বেলেগ নিয়ম আছে। কাৰণ ৰে'লত বহু যাত্ৰীয়ে একেলগে যাত্ৰা কৰে ।

দীৰ্ঘ দূৰত্বৰ ৰে’লত সাধাৰণতে ৫ৰ পৰা ৬ ধৰণৰ ডবা থাকে । জেনেৰেল, স্লিপাৰ, থাৰ্ড এচি, থাৰ্ড এচি ইকনমি, ছেকেণ্ড এচি আৰু ৰ্ফাষ্ট এচি প্ৰতিটো প্ৰকাৰৰ ডবাতে সুকীয়া ব্যৱস্থা থাকে । ইয়াৰ উপৰিও কিছুমান বাৰ্থৰ বাবেও বেলেগ বেলেগ নিয়ম আছে। কাৰণ ৰে’লত বহু যাত্ৰীয়ে একেলগে যাত্ৰা কৰে ।

সকলো ডবাতে থাৰ্ড এচি ইকনমি, স্লিপাৰ, থাৰ্ড এচিত যাত্ৰীসকলৰ বাবে মিডল বাৰ্থ থাকে । কিন্তু মিডল বাৰ্থৰ আসন পোৱা যাত্ৰীগৰাকীয়ে ভাৰতীয় ৰে’লৱেৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে । তেওঁ ইচ্ছামতে শুব নোৱাৰে । ৰে’লৱেই তেওঁলোকৰ শোৱাৰ বাবে সময় ঠিক কৰি দিয়ে ।