Tatkal Ticket Booking : নাথাকিব দালাল বা এজেণ্ট ! টিকট বুকিঙত ডাঙৰ পৰিৱৰ্তন ভাৰতীয় ৰে’লৱেৰ
যাত্ৰীসকলে সন্মুখীন হৈ অহা সমস্যাবোৰ সমাধান কৰাৰ স্বাৰ্থত তৎকাল টিকট বুকিং কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় ৰে’লৱেই। যাত্ৰীসকলে এতিয়া তৎকাল টিকট বুকিং কৰিবলৈ অতিৰিক্ত সময় খৰচ কৰিব নালাগে।
তৎকাল টিকিট বুকিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় ৰে’ল যাত্ৰীসকল । কাৰণ যাত্ৰীসকলে সন্মুখীন হৈ অহা সমস্যাবোৰ সমাধান কৰাৰ স্বাৰ্থত তৎকাল টিকট বুকিং কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় ৰে’লৱেই। যাত্ৰীসকলে এতিয়া তৎকাল টিকট বুকিং কৰিবলৈ অতিৰিক্ত সময় খৰচ কৰিব নালাগে।
ভাৰতীয় ৰে’লৱেই জনাইছে যে, এতিয়াৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং প্ৰযুক্তিৰ ভিত্তিত টিকট বুকিং কৰা হ’ব। ইয়াৰ ফলত টিকট বুকিং পূৰ্বতকৈ দ্ৰুত আৰু সহজ হ’ব বুলি আশা কৰা হৈছে । নতুন আপডেটৰ বাবে আই আৰ চি টি চিৰ ৱেবছাইট বা এপটোত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। টিকট বুকিং প্ৰক্ৰিয়া অধিক স্বচ্ছ হ’ব বুলি আশা কৰিছে ভাৰতীয় ৰে’লৱেই।