শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Reserve Bank Of India: এতিয়াও ৰিজাৰ্ভ বেংকে ঘূৰাই পোৱা নাই ছপা হোৱা সকলো ২০০০ টকীয়া নোট

Reserve Bank Of India: এতিয়াও ৰিজাৰ্ভ বেংকে ঘূৰাই পোৱা নাই ছপা হোৱা সকলো ২০০০ টকীয়া নোট

barasha-misra
Barasha Misra | Published: 04 Feb 2025 21:25 PM

২০২৩ চনৰ মে মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলন বন্ধকৰে ২,০০০ টকাৰ নোটৰ । ব্যক্তি বা প্ৰতিষ্ঠানসমূহক বেংক আৰু ডাকঘৰৰ জৰিয়তে এই ২,০০০ টকাৰ নোট জমা কৰিবলৈ জনায় আৰবিআইয়ে । এই ঘোষণাৰ ডেৰ বছৰৰো অধিক সময় পাৰ হ'ল । এতিয়াও ব্যৱহাৰ হৈ আছে নেকি ২,০০০ টকীয়া নোটৰ ? যদি কাৰোবাৰ ওচৰত এতিয়াও ২,০০০ টকীয়া নোট আছে, তেন্তে কি কৰিব ?

প্ৰচলন বন্ধ কৰা ২০০০ টকীয়া নোট সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে দিছে গুৰুত্বপূৰ্ণ আপডেট । আৰ বি আইয়ে প্ৰকাশ কৰে যে, ২০০০ টকীয়া নোটৰ ৯৮.১৫ শতাংশ বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে । কিন্তু এতিয়াও ৬৫৭৭ কোটি টকাৰ নোট ৰাইজৰ হাতত আছে ।

কলকাতাকে ধৰি ১৯ টা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব । কলকাতাৰ আৰবিআই কাৰ্যালয়তো ২,০০০ টকাৰ নোট সলনি কৰিব পাৰি । ইয়াৰ উপৰিও, নোটবোৰ ডাক ঘৰৰ জৰিয়তে নিৰ্ধাৰিত আৰ.বি.আই. কাৰ্যালয়ত জমা কৰিব পাৰি ।

হৈছিল । সেই সময়ত, নোটৰ অভাৱ পূৰণ কৰিবলৈ প্ৰচলন হৈছিল ২,০০০ টকীয়া নোটৰ । অন্যান্য নোট উপলব্ধ হোৱাৰ বাবে ২০১৮-১৯ বৰ্ষত ২,০০০ টকাৰ নোটৰ ছপা বন্ধ কৰা হয় । ২০২৩ চনৰ ১৯ মে’ত, আৰ.বি.আই. ২,০০০ টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰ কৰে । সেই সময়ত প্ৰচলিত ২,০০০ টকাৰ নোটৰ পৰিমাণ আছিল ৩.৫৬ লাখ কোটি টকা ।