শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
১০০ আৰু ২০০ টকীয়া নোটত ডাঙৰ পৰিৱৰ্তন ! পুৰণি নোটবোৰ কি হ'ব ?

১০০ আৰু ২০০ টকীয়া নোটত ডাঙৰ পৰিৱৰ্তন ! পুৰণি নোটবোৰ কি হ’ব ?

manas-borah
Manas Borah | Published: 15 Mar 2025 20:36 PM

ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে, বজাৰত ১০০ আৰু ২০০ টকীয়া নতুন নোট প্ৰৱৰ্তন কৰা হ’ব।

পৰিৱৰ্তন হ’ব ১০০ আৰু ২০০ টকীয়া নোট । ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে, বজাৰত ১০০ আৰু ২০০ টকীয়া নতুন নোট প্ৰৱৰ্তন কৰা হ’ব। পৰিৱৰ্তনৰ সৈতে এই নোট প্ৰৱৰ্তন কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে ।

এই সন্দৰ্ভত আৰ বি আইয়ে কয়, এতিয়াৰ পৰা ১০০ টকা আৰু ২০০ টকীয়া নতুন নোটত গৱৰ্ণৰ স্বাক্ষৰ সলনি হ’ব ৷ এতিয়ালৈকে প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ আছিল। এইবাৰ ১০০ আৰু ২০০ টকীয়া নোটত আৰ বি আইৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব।

ভাৰতীয় মুদ্ৰাত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ স্বাক্ষৰ বাধ্যতামূলক। হাতত থকা নোটখন যে, প্ৰকৃত তাৰ অন্যতম প্ৰমাণ এই স্বাক্ষৰ। ২০২৪ চনত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ কাৰ্যকাল শেষ কৰে শক্তিকান্ত দাসে। তেওঁৰ ঠাইত সঞ্জয় মালহোত্ৰা নতুন গৱৰ্ণৰ হয় । এনে পৰিপ্ৰেক্ষিত নোটত সলনি হ’ব চহী।