ক্ৰিকেটৰ দীঘলীয়া শ্বটেই নহয়, প্ৰেমৰো দীঘলীয়া পথ বুলিছে ডেভিদে
ক্ৰিকেটত দীঘলীয়া শ্বটৰ বাবে পৰিচিত হৈ পৰা টিম ডেভিদে পিছে প্ৰেমৰ ক্ষেত্ৰতো দিছে দীঘলীয়া খোজ। কেৱল ইমানেই নহয়, ক্ৰিকেটাৰ ডেভিদ প্ৰেমত পৰিছে অষ্ট্ৰেলিয়াৰ আন এক ক্ৰীড়া শক্তি হকীৰ। এই হকীতে তেওঁ বিচাৰি পাইছে প্ৰেম। জানো আহক ডেভিদৰ প্ৰেমজীৱনৰ বিষয়ে।
চলিত ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বাবে এক নতুন শক্তি হিচাপে পৰিগণিত হৈছে টিম ডেভিদ। ক্ৰীজত থিয় হৈ ডেভিদে বিপক্ষৰ বলাৰে নিক্ষেপ কৰা বল দীঘলীয়া শ্বেটেৰে পাৰ কৰিছে বাউণ্ডেৰী। এয়া অৱশ্যেই ক্ৰিকেটপ্ৰেমীৰ বাবে চিনাকি দৃশ্য। আই পি এল বুলিয়েই নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটকে ধৰি বিশ্বৰ আন ফ্ৰেন্সাইজি ক্ৰিকেট লীগতো টিম ডেভিদে এনে প্ৰদৰ্শনেৰে ক্ৰিকেট অনুৰাগীৰ পৰিচিত হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বৰ্তমান অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰা ডেভিদে তাৰ পূৰ্বে জন্মভূমি ছিংগাপুৰকো প্ৰতিনিধিত্ব কৰিছে।
ক্ৰিকেটত দীঘলীয়া শ্বটৰ বাবে পৰিচিত হৈ পৰা টিম ডেভিদে পিছে প্ৰেমৰ ক্ষেত্ৰতো দিছে দীঘলীয়া খোজ। কেৱল ইমানেই নহয়, ক্ৰিকেটাৰ ডেভিদ প্ৰেমত পৰিছে অষ্ট্ৰেলিয়াৰ আন এক ক্ৰীড়া শক্তি হকীৰ। এই হকীতে তেওঁ বিচাৰি পাইছে প্ৰেম। জানো আহক ডেভিদৰ প্ৰেমজীৱনৰ বিষয়ে…