শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
লিভ-ইনত থকাসকলে এমাহৰ ভিতৰত পঞ্জীয়ন নকৰিলে ভৰিব লাগিব জৰিমনা!

লিভ-ইনত থকাসকলে এমাহৰ ভিতৰত পঞ্জীয়ন নকৰিলে ভৰিব লাগিব জৰিমনা!

trishna-kalita
Trishna Kalita | Published: 06 Feb 2025 19:20 PM

উত্তৰাখণ্ডত লিভ-ইন সম্পৰ্কৰ নিয়ম অনুসৰি, ৫০০ টকাৰ পঞ্জীয়ন মাচুল পৰিশোধ কৰিব লাগিব । যদি তেওঁলোকে এমাহৰ ভিতৰত পঞ্জীয়ন নকৰে, তেওঁলোকে ১০০০ টকাৰ বিলম্ব মাচুল পৰিশোধ কৰিব লাগিব । যদি কোনো কাৰণত সম্পৰ্ক বিচ্ছেদ হয়, তেন্তে সেই পঞ্জীয়নৰ বাবেও অতিৰিক্ত ৫০০ টকা মাচুল লোৱা হ'ব ।

এতিয়াৰে পৰা লিভ-ইনত থাকিলেও কৰিব লাগিব পঞ্জীয়ন । অন্যথা আপুনি ভৰিব লাগিব জৰিমনা । এমাহৰ ভিতৰত পঞ্জীয় কৰাটো হ’ব বাধ্যতামূলক । এই নিয়ম কেৱল লিভ-ইনত থকা সকলৰ বাবেই নহয়, তেওঁলোকক ভাড়াত ঘৰ দিয়া সকলৰ বাবেও জাৰি কৰা হ’ব । যদি লিভ-ইন প্ৰমাণপত্ৰ নোচোৱাকৈ কোনো মালিকে ভাড়াঘৰৰ চুক্তি কৰে, তেনেহ’লে ইয়াৰ বাবে জৰিমনা পৰিশোধ কৰিব লাগিব । যদি কোনোৱে লিভ-ইন প্ৰমাণপত্ৰ নেদেখুৱাকৈ ভাড়াঘৰত একেলগে বাস কৰে, তেন্তে ঘৰৰ মালিকক ২০,০০০ টকালৈকে জৰিমনা বিহা হ’ব পাৰে । উত্তৰাখণ্ডত লিভ-ইন সম্পৰ্কৰ নিয়ম অনুসৰি, ৫০০ টকাৰ পঞ্জীয়ন মাচুল পৰিশোধ কৰিব লাগিব । যদি তেওঁলোকে এমাহৰ ভিতৰত পঞ্জীয়ন নকৰে, তেওঁলোকে ১০০০ টকাৰ বিলম্ব মাচুল পৰিশোধ কৰিব লাগিব । যদি কোনো কাৰণত সম্পৰ্ক বিচ্ছেদ হয়, তেন্তে সেই পঞ্জীয়নৰ বাবেও অতিৰিক্ত ৫০০ টকা মাচুল লোৱা হ’ব ।