শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পৰা মৰ্মিতা বিতৰ্কলৈকে, চাওক দিনটোৰ চৰ্চিত খবৰ

চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পৰা মৰ্মিতা বিতৰ্কলৈকে, চাওক দিনটোৰ চৰ্চিত খবৰ

monjit-dutta
Monjit Dutta | Published: 08 Apr 2025 00:16 AM

কেন্দ্রীয় চৰকাৰে সোমবাৰে বৃদ্ধি কৰিলে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হ’ব বুলি কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিছে। মঙলবাৰৰ পৰা গেছ চিলিণ্ডাৰৰ দৰৰ ক্ষেত্ৰত কেন্দ্ৰই নিৰ্ধাৰণ কৰা এই নতুন দাম কাৰ্যকৰী হ’ব।

কেন্দ্রীয় চৰকাৰে সোমবাৰে বৃদ্ধি কৰিলে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হ’ব বুলি কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিছে। মঙলবাৰৰ পৰা গেছ চিলিণ্ডাৰৰ দৰৰ ক্ষেত্ৰত কেন্দ্ৰই নিৰ্ধাৰণ কৰা এই নতুন দাম কাৰ্যকৰী হ’ব। উল্লেখ্য যে ২০২৩ চনৰ মাৰ্চৰ পিছত এতিয়া প্ৰথমবাৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ এই প্ৰভাৱ এতিয়া উজ্জ্বলা আঁচনিৰ ক্ষেত্ৰতো পৰিব। দাম বৃদ্ধিৰ পিছত অসমত এতিয়া ১৪.২ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰ ৮৫২ টকাৰ পৰিৱৰ্তে ৯০২ টকাত উপলব্ধ হ’ব।

চাওঁ আহক দিনটোত চৰ্চাত থকা আনকেইটামান শীৰ্ষ খবৰ….